NORTHEAST NOW (Assamese)

ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পূৰ্বে কাগজ কলৰ কৰ্মচাৰীৰ ৩ মাহৰ দৰমহা মুকলি কৰি দিয়া হ’ব : ৰাজেন গোহাঁই

February 21, 2018 6:26 pm · ৰাজীৱ ৰয়

নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ বাবে গঠিত উপ-কমিটীয়ে কাগজ কল দুটাক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পূৰ্বে কৰ্মচাৰীসকলৰ ৩ মাহৰ দৰমহা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা জানিবলৈ দি ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয় যে মঙলবাৰে উপ-কমিটীখনৰ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তেওঁ কয়, ‘কগজ কল দুটাৰ পৰিচালনা আৰু ব্যৱস্থাপনা বিভাগক এনে ঔদ্যোগীক প্ৰতিষ্ঠানৰ হাতত গতাই দিয়া হ’ব যি কৰ্মচাৰীসকলৰ দৰমহাৰ বাবদ প্ৰত্যেক মাহে অন্তত ৯ কোটি টকাৰ ব্যৱস্থা কৰিব পাৰে।’

আনহাতে ব্যক্তিগত খণ্ডক গতালে কৰ্মচাৰীসকলৰ স্বাৰ্থ উপেক্ষিত হোৱাৰ সম্ভাৱনাক নাকচ কৰি গোহাঁইয়ে কয়, ‘কাগজ কলৰ কৰ্মচাৰীসকলৰ স্বাৰ্থৰ ক্ষেত্ৰত যাতে আপোচ কৰা নহয় সেয়া নিশ্চিত কৰা হ’ব।’

গোহাঁইয়ে আজি গুৰু উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ মন্ত্ৰী অনঁত জি গীতেৰ লগত বিষয়টো আলোচনা কৰে। ইয়াৰ উপৰি তেওঁ মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ লগতো বিষয়টোক লৈ আলোচনাত বহিছিল।

অহা মে’ৰ পৰা জুনৰ ভিতৰত কাগজ কল দুটাৰ পৰিচালনা আৰু ব্যৱস্থাপনা বিভাগক ব্যক্তিগত খণ্ডক গতোৱা হ’ব বুলি জানিবলৈ দি তেওঁ কয়, ‘কাগজ কল দুটাৰ পুনৰ্জীৱনৰ সমগ্ৰ পক্ৰিয়া মে’-জুনৰ ভিতৰত সম্পুৰ্ণ হৈ উঠিব।’

উল্লেখ যে, মঙলবাৰে, গুৰু উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ মন্ত্ৰী অনঁত জি গীতেই হিন্দুষ্টান পেপাৰ ক’ৰপৰেচনৰ অধিনস্থ নগাওঁ আৰু কাচাৰ কাগজ কল দুটাক ব্যক্তিগত খণ্ডক গতোৱা হ’ব বুলি সদৰী কৰিছিল।

Related News