NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ কৃত্ৰিম হ্ৰদ সন্দৰ্ভত ভাৰতৰ সৈতে তথ্য বিনিময় কৰিব চীনে

December 27, 2017 4:46 pm · এন ই নাও নিউজ
Updated: December 27, 2017 4:49 pm

চীনা বিদেশ মন্ত্ৰ্যালয়ে আজি প্ৰকাশ কৰা অনুসৰি ভাৰতত আচম্বিত ভয়াৱহ বানপানীৰ আশংকা সৃষ্টি কৰা, ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ভূমিস্খলনসৃষ্ট বৃহৎ কৃত্ৰিম হ্ৰদ সমূহেৰে মোকাবিলা কৰিবৰ বাবে ভাৰতৰ সৈতে চীনে তথ্য বিনিময় কৰিব। এন দি টিভিৰ প্ৰতিবেদন অনুসৰি যোৱা মাহত তিব্বতত হোৱা ৬.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ভূমিস্খলনে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ টা বৃহৎ কৃত্ৰিম সৰোবৰৰ সৃষ্টি কৰিছে। সেই হ্ৰদ সমূহৰ আকাৰ আৰু পানীৰ পৰিমাণ আজি পৰ্যন্ত নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। হ্ৰদকেইটাত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ ফলত আশংকৰা সৃষ্টি হৈছে যে কিবা কাৰণত সেই হ্ৰদ সমূহ পৰস্পৰ সংলগ্ন হৈ পৰিলে বা ভাগি গ’লে নামনি অংশ অৰুণাচল প্ৰদেশ আৰু অসমৰ লাখ লাখ নৈপৰীয়া লোক ক্ষতিগ্ৰস্ত হ’ব। বেইজিঙত চীনা বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হুৱা চুনইঙে সংবাদ মাধ্যমক জনায়, ‘সীমাৰ দুয়োপাৰে থকা নদী সমূহ সন্দৰ্ভত চীনে ভাৰতৰ সৈতে তথ্য বিনিময় কৰিব।’ তেওঁ কয় যে চীনা কৰ্তৃপক্ষৰ অনুসন্ধান অনুসৰি হ্ৰদ সমূহ ভাৰত চীন সীমান্তৰ পূব অংশত সৃষ্টি হৈছে। উপগ্ৰহে ধৰা পেলোৱা  হ্ৰদ সমূহ সন্দৰ্ভত ওলোৱা প্ৰতিবেদন সমূহৰ প্ৰসংগত তেওঁ জনায়, ‘এইবোৰ প্ৰাকৃতিক কাৰণত সৃষ্টি হৈছে, মানৱ সৃষ্ট নহয়।’ চীনৰ শুকান জিনজিয়াং অঞ্চললৈ বৃহৎ আকাৰৰ সুৰংগৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিব খোজা ফলতে তীব্ৰ জলপ্ৰদূষণ হোৱা বুলি ওলোৱা প্ৰতিবেদন সমূহ চীনে পূৰ্বতেই অস্বীকাৰ কৰিছিল। খবৰ অনুসৰি দিল্লীত যোৱা ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীনা ষ্টেট কাউন্সিলৰ ইয়াং জিয়েচিৰ মাজত হোৱা ২০ সংখ্যক সীমান্ত আলোচনাত এই বিষয়টো আলোচিত হৈছিল।

Related News