NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত এলাগী অসমীয়া সাহিত্যিক

February 11, 2018 11:51 am · এন ই নাও নিউজ

গুৱাহাটীত অনুষ্ঠিত হৈ থকা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আয়োজকসকল সাহিত্যানুৰাগীসকলৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। বিশিষ্ট অসমীয়া সাহিত্যিকসকলক এলাগী কৰাৰ লগতে উৎসৱৰ এটা প্ৰেক্ষাগৃহ আনকি আৰ এছ এছৰ পথ প্ৰদৰ্শক দীন দয়াল উপাধ্যায়ৰ নামত নামকৰণ কৰা হৈছে।

বিশিষ্ট পণ্ডিত তথা সমালোচক হীৰেণ গোঁহাই, বিশিষ্ট ঔপন্যাসিক নিৰূপমা বৰগোহাঞি, কবি তথা সমালোচক হৰেকৃষ্ণ ডেকা, গল্পকাৰ অপূৰ্ব শৰ্মাৰ লগতে অসমৰ বহু প্ৰসিদ্ধ লেখকক তিনিদিনীয়া সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ নকৰিলে।

এই সাহিত্য উৎসৱটো যুটীয়াভাৱে আয়োজন কৰিছে অসম প্ৰকাশন পৰিষদ আৰু নেশ্যনেল বুক ট্ৰাষ্টে। শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৎসৱটো উদ্বোধন কৰিছিল।

বহুতেই ক’ব খোজে যে আৰ এছ এছৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ‘বিভাজনমুখী নীতি’ক সমৰ্থন নকৰা অসমীয়া সাহিত্যিকক উৎসৱটোত একাষৰীয়া কৰি ৰখা হৈছে।

লেখক তথা সামাজিক কৰ্মী কমল কুমাৰ মেধিয়ে এই উৎসৱ অনুষ্ঠিত কৰাৰ আঁৰৰ যুক্তি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে।

‘ আমি শুনিবলৈ পাইছো আয়োজকসকলে উৎসৱটো অনুষ্ঠিত কৰাৰ বাবে ৪২ লাখ টকা খৰচ কৰিছে। এইয়া কৰদাতাসকলৰ পইচা। এই উৎসৱৰ দ্বাৰা কি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে চৰকাৰে উত্তৰ দিয়াৰ প্ৰয়োজন আছে। এই উৎসৱত সাধাৰম লোকৰ অংশগ্ৰহণ শূণ্য। একেদৰে, ৰাজ্যখনৰ বেছিভাগ বিশিষ্ট সাহিত্যিককে আমন্ত্ৰণ জনোৱা নাই। এইয়া ৰাইজৰ ধনৰ বৃহৎ অপচয়,’’-মেধিয়ে এইদৰে নিজৰ মত প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে এইটো অতি লজ্জাজনক যে লিও টলষ্টয় আৰু মাধৱ কন্দলিৰ লগতে দীন দয়াল উপাধ্যায়ৰ নামত প্ৰেক্ষাগৃহৰ নামকৰণ কৰা হৈছে।

লাখ লাখ টকা খৰচ কৰা সত্ত্বেও এই উৎসৱটোৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে।

Related News