NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্ম কমিটিৰ চূড়ান্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী প্ৰব্ৰজন বিৰোধী মঞ্চৰ

Posted by: কল্পজ্যোতি শইকীয়া April 30, 2018 11:25 pm

প্ৰব্ৰজন বিৰোধী মঞ্চই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰক শ্ৰীঘে ব্ৰহ্ম কমিটিৰ চূড়ান্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায়।

উল্লেখযোগ্য যে খিলঞ্জীয়াৰ ভূমি ৰক্ষণাবেক্ষণৰ উদ্দেশ্যেৰে ২০১৬ চনতে ৰাজ্য চৰকাৰে ব্ৰহ্ম কমিটিৰ গঠন কৰিছিল। ভূমি আইনৰ নিতি-নিয়ামবলীত যথোপযুক্ত সংযোজনৰ পৰামৰ্শৰ দায়িত্তত থকা সমিতিখনে যোৱা জানুৱাৰি মাহতে ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল যদিও আজিলৈকে চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা কৰা নায়।

আনহাতে যোৱা ২৫ এপ্ৰিলত অসম চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰিবলৈ ৰাজহ বিভাগক নিৰ্দেশ দিছিল যদিও তাত কি কি প্ৰস্তাব আছিল তথা তদন্তৰ চূড়ান্ত ফলাফল কি হ’ল সেয়া কিয় ৰাজহুৱা কৰা নহ’ল বুলি প্ৰবজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই প্ৰশ্ন কৰে।

ইয়াৰ উপৰি হাজৰিকাই উক্ত প্ৰতিবেদন কাৰ্য্যকৰী হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ বে-দখল মুক্ত হ’বনে বুলিও প্ৰশ্ন উত্থাপন কৰি কয়, ‘ছিপাঝাৰৰ ৭৭,৪২০ বিঘা মাটি, পলাশবাৰীৰ ২৬০০০ বিঘা আৰু পাঠশালাৰ কাৱৈমাৰীৰ ২২,০০০ বিঘা আৰু বঙালমৰাৰ ২২০০০ বিঘা মাটি বাংলাদেশীৰ পৰা বেদখলমুক্ত হ’বনে?’

একেখন কমিটিয়ে দুখনকৈ পৃথক প্ৰতিবেদন প্ৰকাশ কৰা বিষয়টো ৰহস্যজনক বুলি সদৰী কৰি তেওঁ কয়, ‘যিহেতু তেওঁলোকে দুটা পৃথক প্ৰতিবেদন দিছে তেন্তে নিশ্চয় ফলাফল আৰু প্ৰস্তাব গ্ৰহণতো অমিল আছে। মিল নথকাকৈয়ে তেওঁলোকে কেনেদৰে এই প্ৰতিবেদন কাৰ্য্যকৰী কৰিব তাৰ কোনো স্পষ্টতা নাই।’

‘ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন প্ৰকাশৰ বিষয়টো গুৰুত্বহীন কৰিবৰ বাবেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগদিনা অৰ্থাৎ ২৫ এপ্ৰিলত এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ দিছিল’ বুলিও তেওঁ অভিযোগ কৰে।

আনহাতে, এ বি ভি পি ৰ ৰাষ্ট্ৰীয় সম্পাদক সীমান্ত দাস তথা প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু বাংলাদেশীক অসমলৈ আনিলে মুছলমান বাংলাদেশীৰ অনুপাত হ্ৰাস পাব বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি হাজৰিকাই কয়, ‘এই মন্তব্যৰ অৰ্থ হ’ল তেওঁলোকে কোনো পধ্যে মধ্য অসম আৰু নামনি অসমৰ বে-দখলকাৰীৰ পৰা বহু হাজাৰ বিঘা মাটি মুক্ত নকৰে।’

তেওঁ কয়, ‘তেওঁলোকৰ ইমানেই যদি হিন্দু বাংলাদেশী প্ৰীতি আছে তেন্তে তেওঁলোকৰ বৃহৎ সম্পত্তিৰ অধিকাৰী পৰিয়ালবৰ্গৰ মাটিতে সেইসকলক আনি সংস্থাপন কৰক।’