NORTHEAST NOW (Assamese)
অসম

ব্ৰেকিং নিউজ : ৰুমী শইকীয়াৰ আত্মসমৰ্পণ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 8:14 am
ব্ৰেকিং নিউজ : ৰুমী শইকীয়াৰ আত্মসমৰ্পণ

টকা দি অসম লোকসেৱা আয়োগৰ চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত আন এগৰাকী বিষয়া ৰুমী শইকীয়াই আজি বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰে। আদালতৰ পৰা আৰক্ষীয়ে তেওঁক নিজৰ জিম্মাত লয়। অভিযুক্ত হোৱাৰ আগলৈকে শ্ৰীমতী শইকীয়া গোলাঘাটত চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল আৰু যোৱা ১৩ দিন ধৰি তেওঁ আত্মগোপন কৰি আছিল। আন দুজন ক্ৰমে নিশামণি ডেকা আৰু ৰাকেশ গুপ্তাই এতিয়াও আৰক্ষীৰ ওচৰত ধৰা দিয়া নাই।