NORTHEAST NOW (Assamese)
অসম

স্বেচ্ছাসেৱী সংস্থা মৰ্ণিং ক্লাবৰ উদ্যোগত অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম অঞ্চলৰ ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰণ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 19, 2020 5:26 pm

মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ চৰকাৰে সমগ্ৰ দেশত চতুৰ্থ পৰ্যায়ৰ ল’কডাউন বলবৎ কৰাৰ লগতে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷

চৰকাৰে জাৰি কৰা সজাগতামূলক নীতি-নিৰ্দেশনাসমূহ ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তাৰ অংশ হিচাবে আজি মৰ্ণি ক্লাৱে অসম অৰুণাচল সীমান্তৱৰ্তী   বিহমাৰী, কাজিয়ামাটি, নাহৰজান, ঠাণ্ডাপানী আদি অতি দুৰ্গম অঞ্চলৰ লোকসকলৰ মাজত মাক্স, চাবোন আদি বিতৰণ কৰাৰ লগতে ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া সাবধানতাসমূহ সেই অঞ্চলৰ লোকসকলক অৱগত কৰে।

ক্লাৱটোৰ সদস্য সকলে উক্ত অঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকি চৰকাৰৰ সৈতে সহযোগিতাৰে আগবাঢ়িলে যে ক’ৰ’না ভাইৰাচৰ পৰা বাচি থাকিব পাৰি সেই কথা সহজ-সৰল ভাষাৰে বুজাই দিয়ে ৷

ৰাইজে মৰ্ণিং ক্লাবৰ এই ইতিবাচক আৰু সময় উপযোগী কৰ্মৰ শলাগ লয়।

ইয়াৰ পূৰ্বেও মৰ্ণিং ক্লাবে অসম অৰুণাচল সীমান্তৱৰ্তী ঠাণ্ডাপানী অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল।