NORTHEAST NOW (Assamese)
অসম

বড়োলেণ্ড সচিবালয়ত  অগ্নিকাণ্ড : অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰিল হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয়ৰ নথি পত্ৰ

Posted by: এন ই নাও নিউজ March 23, 2018 1:37 pm
8111bdb8-9406-48bf-947d-b7af20a94d7f

কথমপি ৰক্ষা পৰিল বিটিচি সচিবালয় । বৃহস্পতিবাৰে নিশা সচিবালয়টোৰ A ব্লকত হঠাৎ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কক্ষৰ চৌহদত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত সচিবালয়টো বৃহৎ ক্ষতিৰ পৰা কথমপি ৰক্ষা পৰে।

শ্বৰ্ট চাৰ্কিটৰ ফলত সৃষ্টি হোৱা এই অগ্নিকাণ্ডত কাৰ্যালয়টোৰ প্ৰায়বোৰ বৈদ্যুতিক সামগ্ৰী জ্বলি যোৱা বুলি আমালৈ খবৰ আহিছে।

জানিবপৰা অনুসৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয়ৰ নিচে ওচৰতে থকা কম্পিউটাৰ ইউ পি এছ তথা বিজুলী বিতৰণ কেন্দ্ৰত এই জুইৰ সূত্ৰপাত হয়  আৰু ইয়াৰ ফলতে সচিবালয়ৰ A ব্লকতো নিমিষতে জুইয়ে আৱৰি ধৰে।

কালি নিশা অহা ধুমুহা বতাহৰ ফলত শ্বৰ্ট চাৰ্কিট হৈ ইউ পি এছ তথা বিজুলী বিতৰণ কেন্দ্ৰত জুইৰ সূত্ৰপাত হয় আৰু কাৰ্যালয়টোৰ বৈদ্যুতিক সামগ্ৰীসমূহ জ্বলি চাই হৈ যায়।

নিশা সংঘটিত  অগ্নিকাণ্ডত সম্পূৰ্ণকৈ চাই হোৱা ঘটনা আজি প্ৰত্যক্ষ কৰে সচিবালয়ৰ কৰ্ম-কৰ্তাৰ লগতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

বড়োলেণ্ড সচিবালয়ৰ মূখ্য বিজুলী বিতৰণ কেন্দ্ৰ বিন্দু তথা মেন পাৱাৰ চাপ্লাই ভস্মীভূত হোৱা বাবে আজি কাৰ্যালয়ৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। আনহাতে এই অগ্নিকাণ্ডৰ ফলত কোনোমতে ৰক্ষা পৰিল বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয়ৰ বিভিন্ন নথি-পত্ৰ।