NORTHEAST NOW (Assamese)
Popular Stories

হঠাতে ৰাহুল গান্ধীৰ প্ৰেমিকাক লৈ কিয় তোলপাৰ চ’ছিয়েল মিডিয়া? কোলাত কোন এই প্ৰেমিকা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2021 9:47 am
Fifty Shades

এগৰাকী সুদৰ্শন যুৱকে কোলাত এগৰাকী সুন্দৰীক দাঙি লৈ আছে আৰু দুয়োৱে দুয়োৰ চকুলৈ অনুৰাগৰঞ্জিত চাৱনিৰে চাই চাই দুয়োতে মগন হৈ আছে। এই ফ’টোখন ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত।

ফ’টোখন চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে এচামে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ তথা ট্ৰল আৰম্ভ কৰি প্ৰশ্ন কৰিছে ‘তেওঁৰ কোলাত কোন এই অপ্সৰা?’

কোনো যুৱতীয়ে সুধিছে ‘ৰাহুল গান্ধীৰ প্ৰেমিকা কেতিয়া সৃষ্টি হ’ল?’ ৰাহুল গান্ধীক টেগ কৰি এগৰাকীয়ে সুধিছে, ‘এইবোৰ কি?’

কোনোৱে সুধিছে, ‘ৰাহুল গান্ধী কেতিয়াৰ পৰা নায়ক হ’ল?’ ‘ৰাহুল গান্ধীৰো প্ৰেমিকা আছে নেকি?’ এইদৰে ট্ৰ’ল আৰম্ভ কৰা হৈছে ৰাহুল গান্ধীক।

টুইটাৰত ৰাহুল গান্ধীক ট্ৰল আৰম্ভ কৰা এই ফ’টোখন আচলতে হৈছে হলিউদৰ এখন ছবিৰ নায়ক-নায়িকাৰ ফ’টো। ছবিখন হৈছে ২০১৫ চনত হলিউদত মুক্তিপ্ৰাপ্ত ফিফটি চেডছ অৱ গ্ৰে

জেমি ডৰ্নন আৰু আনাষ্টেছিয়া ষ্টীল অভিনীত হলিউদৰ এই ছবিখন এতিয়া অ’টিটি প্লেটফৰ্মত মুক্তি দিয়া হৈছে আৰু কোনো ভাৰতীয় লোকে চিনেমাখনৰ এটা দৃষ্টিনন্দন মুহূৰ্তৰ স্থিৰ ছবিখন সামাজিক মাধ্যমত এইদৰে ভাইৰেল কৰিছে।

অভিনেতা জেমিয়ে অভিনেত্ৰী তথা ছবিখনৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰা আনাষ্টেছিয়া ষ্টীলক কোলাত লৈ থকা ফ’টোখনত দুয়োৱে চাৰি চকুৰ দৃষ্টিত অৱগাহন কৰি থকা দেখা গৈছে।

ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰা হলিউদৰ অভিনেতা জেমি ডৰ্ননকে বহুতে ৰাহুল গান্ধী বুলি ভুল কৰি অথবা কিছুৱে ইচ্ছাকৃতভাৱে ৰাহুল গান্ধীক ট্ৰল কৰাৰ মানসিকতাৰে চ’ছিয়েল মিডিয়াত ফ’টোখন ভাইৰেল কৰিছে। ফ’টোখনত জেমিৰ সৈতে ৰাহুল গান্ধীৰ চেহেৰাৰ যথেষ্ট মিলো দেখা গৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ট্ৰল কৰি কোনোৱে কৈছে, ‘ৰাহুল গান্ধীৰো প্ৰেমিকা আছে, মোৰহে নাই।’

এগৰাকীয়ে ৰাহুল গান্ধীক টেগ কৰি কৈছে ‘এইবোৰ কেনেধৰণৰ ব্যৱহাৰ!’