NORTHEAST NOW (Assamese)
অসম

দোধোৰ-মোধোৰত জনসাধাৰণ! : জিএচিএইচৰ অধ্যক্ষই ক’লে অসমত ব্লেক ফাংগ’ছ প্ৰৱেশ কৰা নাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 19, 2021 10:18 am
bf

অসমত এতিয়ালৈকে প্ৰৱেশ কৰা নাই ব্লেক ফাংগ’ছে। কোনো লোকৰ দেহত ধৰা পৰা নাই এই ৰোগ।

সংবাদমাধ্যমত এই অভয়বাণী দিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত কুমাৰ বৈশ্যই।

উল্লেখ্য যে কালি ৰাতি গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী যুৱকৰ শৰীৰত  ব্লেক ফাংগছৰ লক্ষণে দেখা দিয়া বুলি বাতৰি প্ৰকাশ পাইছিল।

লগতে পঢ়ক ভূতৰ ওপৰত দানহ! অসমত প্ৰথমগৰাকী ব্লেক ফাংগ’ছ ৰোগীক চিনাক্ত কৰা হৈছে

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত অসমত ব্লেক ফাংগ’ছ প্ৰৱেশ কৰা নাই বুলি দাবী কৰি ডাঃ বৈশ্যই ইয়াকে লৈ মিছাকৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও আগত দাবী কৰে।

ইপিনে কোনো লোক এই ভেঁকুৰে আক্ৰমণ কৰিলেও ৰাজ্যত এম্ফটাৰীজিম বি দৰৱ মজুত আছে বুলি তেওঁ দাবী কৰে।

ইয়াৰোপৰি এই ফাংগ’ছ কোভিডৰ দৰে সংক্ৰমিত নহয় বুলি দাবী কৰিছে অধ্যক্ষ ডাঃ বৈশ্যই। ICU ত অত্যাধিক সময় থাকিলে এই ৰোগ হ’ব পাৰে বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে, কালি ব্লেক ফাংগ’ছৰ কৱলত অসমৰ প্ৰথমজন লোক কৱলত পৰা বুলি বাতৰি প্ৰকাশ পাইছিল।

মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত APOLLO হস্পিতালত ২৭ বছৰীয়া কোভিড আক্ৰান্ত যুৱক এই ৰোগত আক্ৰান্ত হোৱা বুলি খবৰ প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত।

অৱশ্যে ডাঃ অচ্যুত বৈশ্য এই বিষয়ে অৱগত নহয় বুলিও প্ৰকাশ কৰিছে।