NORTHEAST NOW (Assamese)
অসম

আই চি চিৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 9:40 am

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছে নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে।

দ্বিতীয় ৰাউণ্ডৰ ভোটিঙৰ পাছত বাৰ্কলে নতুন আই চি চিৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।

বাৰ্কলে ভাৰতৰ শশাংক মনোহৰৰ স্থানত স্থলাভিষিক্ত হ’ব।

অ’কলেণ্ডৰ অধিবক্তা গ্ৰেগ বাৰ্কলে ২০১২ চনৰ পৰা নিউজিলেণ্ড ক্ৰিকেট দলৰ নিৰ্দেশক হিচাপে কাম কৰি থকাৰ লগতে আই চি চিত নিউজিলেণ্ডৰ প্ৰতিনিধি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে।

আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ নিউজিলেণ্ড ক্ৰিকেটৰ দায়িত্বভাৰৰ পৰা অব্যাহতি গ্ৰহণ কৰে।

গ্ৰেগ বাৰ্কলে ২০১৫ চনৰ আই চি চি পুৰুষ বিশ্বকাপ সঞ্চালকৰ দায়িত্বতো আছিল।

‘‘আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’বলৈ পাই নিজকে ধন্য মানিছো। মই আই চি চিৰ সঞ্চালককে ধৰি সকলো বিষয়ববীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো,’’ আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে গ্ৰেগে এইদৰে কয়।