NORTHEAST NOW (Assamese)
অসম

আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত দুলীয়াজান, নিউ ভিষ্টা, ছেইণ্ট জেভিয়াৰ্ছৰ সহজ জয়

Posted by: এন ই নাও নিউজ May 29, 2018 8:42 am
download

দুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত দুলীয়াজান নেহৰু ময়দান খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে ছাব জুনিয়ৰ গ্ৰুপৰ তিনিখনকৈ গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়।

প্ৰথমখন খেলত দুলীয়াজান উচ্চ বিদ্যালয়ে ক্ৰিষ্ট কিং স্কুলক ৩-১ গ’লত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হয়। খেলৰ ২০ মিনিটতে উচ্চ বিদ্যালয়ৰ সঞ্জয় কিষাণে দলক প্ৰথমটো অগ্ৰগতি দিয়াৰ পাছত পুনৰ দ্বিতীয়াৰ্দ্ধৰ ক্ৰমে ৫৭ মিনিট আৰু ৬৫ মিনিটত সুৰজ সোণাৰে দুটাকৈ গ’ল দি দলীয় সংখ্যা ৩-০ লৈ বৃদ্ধি কৰি বিজয় সুনিশ্চিত কৰে।

আনহাতে ক্ৰিষ্ট কিং স্কুলৰ হৈ মেচৰ অন্তিম মিণিটত একমাত্ৰ গ’লটো পৰিশোধ কৰে হেমাংগ গগৈয়ে। খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে উচ্চ বিদ্যালয়ৰ সঞ্জয় কিষাণে।

দ্বিতীয়খন মেচত নিউভিষ্টা ইংলিছ স্কুলে কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৫-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি পৰিৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়।

একপক্ষীয় খেলখনত নিউ ভিষ্টা স্কুলৰ মৃণাল নাৰাঙে প্ৰতিযোগিতাৰ প্ৰথমটো হেটট্ৰিকসহ মুঠ চাৰিটা গ’ল আৰু নীলকান্ত তাঁতীয়ে এটা গ’ল দিয়ে। মৃণাল নাৰাঙে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

আনহাতে, দিনটোৰ অন্তিমখন খেলত ছেইণ্ট জেভিয়াৰ্ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে টিপলিং ঘাট হাইস্কুলক অনায়াসে ৬-০ গ’লত পৰাস্ত কৰে। সম্পূৰ্ণ মেচখনতে প্ৰভাৱ বিস্তাৰ কৰা ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ হৈ দেবশংকৰ দত্তই তিনিটা, চিৰঞ্জীৱ গগৈয়ে দুটা আৰু অনীন্দ্ৰ কোঁৱৰে এটা গ’ল দিয়ে।