NORTHEAST NOW (Assamese)
Popular Stories

কোভিড বিধি ভংগ : ধৰ্মীয় নেতাৰ জানাজাত হাজাৰ হাজাৰ মানুহৰ সমাগম; গোচৰ ৰুজু, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2021 6:50 pm
UP

দেশত কোভিড সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিয়াৰ পিছতো যেন সজাগ হোৱা নাই এই দেশৰ জনগণ!

চৰকাৰে জাৰি কৰা কঠোৰ কোভিড বিধি ভংগ কৰি বহু সময়ত জনগণে কোভিড পৰিস্থিতিক অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাত অৰিহণা যোগাই আহিছে।

তেনে এক কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে বিজেপিৰ যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত।

সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ বুদৌন জিলাত এই ভংয়কৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছে স্থানীয় জনসাধাৰণে।

যোৱা দেওবাৰে ধৰ্মীয় নেতা কাজী আব্দুল হামিদ মহম্মদ চালিমূল কাৰ্দিৰ মৃত্যু হয়।

ধৰ্মীয় নেতাজনৰ মৃত্যুৰ পিছৰ জানাজাৰ সময়ত বিশাল সংখ্যক জনতাই কোভিড বিধি উলংঘন কৰি সমদল উলিওৱা দেখা যায়।

উক্ত সমদলৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ’ত জানাজাৰ সমদলত অংশগ্ৰহণ কৰা লোকসকলৰ বহুসংখ্যকে সামাজিক দূৰত্ব মানি চলাতো বাদেই মাস্কো পৰিধান কৰা নাছিল।

ঘটনাৰ সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে গোচৰ ৰুজুৰ কৰিছে।

“কোভিড-১৯ প্ৰটক’ল ভংগ কৰা আৰু জানাজাত বৃহৎ সংখ্যক লোকে সমদল কৰা অচিনাক্ত লোকসকলৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইন ১৮৮ (নিষিদ্ধ আদেশ উলংঘন)ধাৰা, মহামাৰী আইন আৰু প্ৰাসংগিক ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।” আৰক্ষী অধীক্ষক সংকল্প শৰ্মাই কয়।

আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কোভিড বিধি ভংগ কৰা সকলো লোকৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব।