NORTHEAST NOW (Assamese)
অসম

CAB সমৰ্থনেৰে বিজেপিত যোগ দিয়েই ১৮০ ডিগ্ৰীৰ পাক ছাত্ৰ নেতাৰ; টকা লোৱাৰ অভিযোগ আনিলে অখিল গগৈৰ বিৰুদ্ধে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 6, 2019 6:43 pm
Hiranya Pathari

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ছাত্ৰ মুক্তিত থকাৰ সময়ত বিজেপিৰ বিৰুদ্ধে, মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সংবাদমেলত বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰা এজন ছাত্ৰ নেতাই আজি বিজেপিত যোগদান কৰিয়ে ১৮০ ডিগ্ৰীৰ পাক মাৰিছে।

হিৰণ্য পাঠৰী নামৰ ছাত্ৰ মুক্তিৰ পৰা বহিষ্কৃত এই ছাত্ৰ নেতাজনে আজি হেঙেৰাবাৰীত অসম বিজেপিৰ কাৰ্য্যালয়ত দলটোত যোগদান কৰে। যোগদান কৰিয়ে তেওঁ কৃষক মুক্তিৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হয়।

পাঠৰীক অনৈতিকভাৱে ধন সংগ্ৰহ, সংবিধান বিৰোধী স্থিতি, দলৰ আদৰ্শ তথা সংগঠন বিৰোধী কাম-কাজত জড়িত থকাৰ অভিযোগত যোৱা ২ এপ্ৰিলত সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ সংকল্প লোৱা ৰাজনৈতিক দলটোত যোগদান কৰিয়ে পাঠৰীয়ে আজি কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। পাঠৰীৰ অভিযোগ, অখিল গগৈয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰিছে। কংগ্ৰেছক সমৰ্থন কৰি তেওঁ কংগ্ৰেছৰ পৰা তিনি কোটি টকা পাইছে।

“যিটো কংগ্ৰেছ দলে ৮৫৫জন চহিদক হত্যা কৰিছিল, যি দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ জৰিয়তে অসমখন ধ্বংস কৰিছিল, সেই কংগ্ৰেছ দলক জিকাই নিবৰ বাবে অখিল গগৈয়ে তিনি কোটি টকা লৈছিল”, হেঙেৰাবাৰীৰ বিজেপি কাৰ্য্যালয়ত আয়োজিত ‘যোগদান’ সভাখনত পাঠৰীৰ মন্তব্য।

এ আই য়ু ডি এফৰ পৰাও নিৰ্বাচনত সমৰ্থনৰ চৰ্তত অখিল গগৈয়ে টকা লোৱা বুলি অভিযোগ কৰে ছাত্ৰ নেতাজনে।

সাংবাদিকে তেওঁৰ অভিযোগক সত্য প্ৰমাণিত কৰিব পৰাকৈ কিবা প্ৰমাণ আছে নেকি বুলি সোধা প্ৰশ্নত পাঠৰীয়ে “পিছত সকলো দিয়া হ’ব” বুলি প্ৰশ্নটো এৰাই চলে।

এই সন্দৰ্ভত কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মত ল’বলৈ নৰ্থ-ইষ্টা নাওৰ তৰফৰ পৰা কেইবাবাৰো যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও ফোনত তেওঁক পোৱা নগ’ল।

আনহাতে পূৰ্বৰ স্থিতিৰ সম্পূৰ্ণ ওলোটা খৰ মাৰি তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা বুলি ইংগিত কৰি কয়, “বিধেয়ক সন্দৰ্ভত দলৰ স্থিতিয়ে মোৰ স্থিতি”।

লগতে পঢ়ক জালুকবাৰী ত্যাগ নকৰিলে মোক ৰঙিয়া মহকুমা আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিব

উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰিত ছাত্ৰ নেতাজনে তেওঁক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদেশ মৰ্মে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুজিৎ শৰ্মাই হত্যাৰ ভাবুকি দিয়া বুলি সংবাদমেল দি গুৰুতৰ অভিযোগ তুলিছিল। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত মন্ত্ৰী হিমন্তক ক’লা পতাকা দেখুওৱা ছাত্ৰ মুক্তিৰ কেইবাজনো নেতাৰ নেতৃত্ব লৈ আটক হোৱাৰ পিছতে এই ঘটনাটো ঘটিছিল। দিল্লী আৰু অসমৰো অন্যান্য স্থানতো তেওঁ এই আন্দোলনত আগভাগ লৈছিল।

আজিৰ সভাত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়, বিজেপিলৈ আৰু অধিক CAB বিৰোধী আন্দোলনকাৰী নেতাৰ আগমন ঘটিব।