• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জালুকবাৰী ত্যাগ নকৰিলে মোক ৰঙিয়া মহকুমা আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিব : হিমন্তক ক’লা পতাকা দেখুওৱা এজন ছাত্ৰ

“লখিমপুৰৰ যুৱক হৈ মই যদি বাইহাটা চাৰিআলিত থাকিব নোৱাৰো, বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আহি কেনেকৈ অসমত থাকিব পাৰিব?”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 22, 2019 7:18 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুজিৎ শৰ্মাই মোক মূৰত বন্দুক থৈ কৈছিল, তিনিদিনৰ ভিতৰত মই জালুকবাৰী ত্যাগ কৰিব লাগে। যদি তিনিদিনৰ ভিতৰত মই জালুকবাৰী ত্যাগ নকৰোঁ তেন্তে গুলীয়াই হত্যা কৰিম বুলি কৈছিল।” এই গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্ত বিভাগৰ সম্পাদক হিৰণ্য পাথৰিৰ।

উল্লেখযোগ্য যে ২১ জানুৱাৰিত ৰঙিয়াৰ কলমণিত থকা ঐতিহাসিক কুৰ্ম-মাধৱ দেৱালয় মন্দিৰৰ এটা কাৰ্যসূচীত অংশ লৈ উভতি অহাৰ সময়ত ৭০টা সংগঠনৰ কেইজনমান সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মন্ত্ৰী শৰ্মাক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। মন্ত্ৰী শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ অভিযোগত লগে লগে ৭জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ যায়, য’ত হিৰণ্য পাথৰিও এজন। ইফালে আটকাধীন ৭জন প্ৰতিবাদকাৰীৰ ভিতৰত ৬জনক আৰক্ষীয়ে থানাৰ ভিতৰত বেয়াকৈ মাৰপিট কৰে, যাৰ ফলত প্ৰতিবাদকাৰীকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

Apply Now

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদেশ মৰ্মে মহকুমা আৰক্ষী বিষয়া সুজিৎ শৰ্মাই তেওঁক হত্যাৰ ভাবুকি দিয়া তথা প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে নিৰ্য্যাতনৰ বলি হোৱা পাথৰিয়ে।

তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মাই অনা-অসমীয়া এজন আৰক্ষী বিষয়াৰ জৰিয়তে অসমীয়া ডেকাক হত্যা কৰাৰ পৰিকল্পনা কৰিছে।”

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে হিমন্ত শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান জনাই হিৰণ্য পাথৰিয়ে কয়, “আপোনাৰ ৰঙা চকু আৰু ভাবুকি আমি ভয় নকৰো, অসমৰ স্বাৰ্থত আৰু জাতিৰ স্বাৰ্থত মৃত্যুক সাৱটি ল’বলৈয়ো প্ৰস্তুত।”

“তিনিদিন ওকলি যোৱাৰ পাছত যদি মই জালুকবাৰীত মৃত্যুক সাৱটিব লগীয়া হয়, তেন্তে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা দায়ী হ’ব।” ছাত্ৰনেতাজনে কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, লখিমপুৰৰ লালুকৰ হিৰণ্য উচ্চ শিক্ষাৰ বাবে তথা সংগঠনৰ কাম-কাজ চোৱাচিতা কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ বাইহাটা চাৰিআলিত চাৰি বছৰ ধৰি বসবাস কৰি আহিছে। এই কথা সংবাদমেলযোগে জানিবলৈ দিয়ে পাথৰিয়ে।

তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “মই এজন গৰ্বিত অসমীয়া মিচিং সম্প্ৰদায়ৰ যুৱক। মই লখিমপুৰৰ যুৱক হৈ যদি বাইহাটা চাৰিআলিত থাকিব নোৱাৰো, তেন্তে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আহি কেনেকৈ অসমত থাকিব পাৰিব?”

ইপিনে, ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল যদিও ৰঙিয়া আৰক্ষীয়ে এজাহাৰখন গ্ৰহণ নকৰিলে বুলি সংবাদমেলযোগে সদৰী কৰে পাথৰিয়ে।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য তথা ৰঙিয়াৰ দুজন খিলঞ্জীয়া মুছলমান যুৱক ক্ৰমে আখতাৰুল ইছলাম আৰু ফিৰ্দোচ আলীয়ে অসমীয়া জাতিটোৰ ৰক্ষাৰ কথা চিন্তা কৰি হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰিছিল বুলি সংবাদমেলত পাথৰিয়ে উল্লেখ কৰে। “কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই কথাৰ সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিলে” তেওঁ সংবাদমেলত কয়।

“সমূহ অসমবাসীলৈ আহ্বান, হিমন্ত বিশ্ব শৰ্মা য’লৈকে নাযাওক, তেওঁক সকলোৱে ক’লা পতাকা প্ৰদৰ্শন কৰক।”

আনহাতে পাথৰিৰ অভিযোগ সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়াগৰাকীক যোগাযোগ কৰাত তেওঁ মন্তব্য কৰাৰ পৰা বিৰত থাকে।

“আপুনি যি শুনিছে, সেইটো ময়ো শুনিছো, আৰু একো নকওঁ।” এয়াই আছিল বিষয়াজনৰ মন্তব্য।

উল্লেখযোগ্য যে আৰক্ষীৰ নিৰ্য্যাতনৰ বলি হোৱা যুৱককেইজন হৈছে কৃষক মুক্তিৰ ধীৰেন দাস, গগন কলিতা, আমীৰ খান,  হিৰণ্য পাথৰি, বিনোদ শৰ্মা আৰু যুৱ-ছাত্ৰৰ ভৱেশ ডেকা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd