NORTHEAST NOW (Assamese)

বড়ো আৰু গোৱালপাৰীয়া লোক সংগীত প্ৰতিযোগিতাৰ সামৰণি

March 4, 2018 8:15 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ই আয়োজন কৰা ‘ছং অৱ দা ছইল’ শীৰ্ষক বড়ো লোক সংগীত আৰু গোৱালপাৰীয়া লোক সংগীত প্ৰতিযোগিতাৰ আজি কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সামৰণি পৰে।

আজি বিভিন্ন বিশিষ্ট ব্যক্তি, শিল্পী তথা সংগীত প্ৰেমীসকলৰ উপস্থিতিত অল ইণ্ডিয়া ৰেডিঅ’ তথা দূৰদৰ্শনৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপদেষ্টা তথা প্ৰাক্তন অতিৰিক্ত মহাপৰিচালক দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে ফাইনেল তথা সামৰণি অনুষ্ঠান কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনৰ কৰি শুভাৰম্ভণি কৰে।

গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ’ৰ সহকাৰী সঞ্চালক ৰাজীৱ বৰুৱা, বড়ো সাহিত্য সভাৰ সভাপতি টৰেন বড়ো, সদৌ বড়ো ছাত্ৰ সন্থাৰ সাঘাৰণ সম্পাদক লৰেন্স ইছলাৰী, কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ অভিযন্তা পৰিচালক অকিলাস প্ৰসাদ সিং আৰু কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ এডিপি চক্ৰধৰ বড়োৰ লগতে বিভিন্ন ব্যক্তি উপস্থিত আছিল।

উল্লেখযোগ্য যে ‘ছং অৱ দা ছইল’ শীৰ্ষক সংগীত ৰিয়েলিটি প্ৰতিযোগিতাখন যোৱা বছৰৰ ৩০ মেৰ পৰা আৰম্ভ হৈছিল।

দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে অসমৰ লোক সংগীত সমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্যে তথা নব প্ৰজন্মৰ মাজত সংগীতৰ ক্ষেত্ৰত থকা অন্তৰ্নিহিত প্ৰতিভা সমূহ উলিয়াই অনাৰ বাবেই এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছিল।

অসমৰ চহকী লোক সংগীতে যুব প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিব বুলিও বসুমতাৰীয়ে আশা প্ৰকাশ কৰে। তদুপৰি ইয়াৰ জৰিয়তে কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ক উন্নীত কৰাৰ প্ৰয়াস কৰা হৈছে।

Related News