NORTHEAST NOW (Assamese)
অসম

বড়ো সকলৰ শিক্ষাৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ December 29, 2017 4:39 pm

আজি গুৱাহাটী প্ৰেছ ক্লাবত ড০ সতেন্দ্ৰ কুমাৰ শৰ্মাৰ বড়ো সকলৰ মাজত শিক্ষাৰ ইতিহাস সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আমন্ত্ৰিত ব্যক্তি সকল আছিল ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু আলোক অধিকাৰী। গ্ৰন্থখনে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক দুয়ো সময়তে  অসমৰ বড়োসকলৰ মাজত শিক্ষাৰ বিকাশ আৰু উন্নয়নৰ এক সামগ্ৰিক বিৱৰণ দাঙি ধৰিছে। গ্ৰন্থখনৰ প্ৰকাশক এন এল পাব্লিকেচন। লেখক ড০ সত্যেন্দ্ৰ কুমাৰ শৰ্মা বৰ্তমান টংলা কলেজৰ সহযোগী অধ্যাপক। তেওঁ বিভিন্ন সন্মিলন, জাৰ্নেল, গ্ৰন্থ আদিত বিভিন্ন গৱেষণামূলক ৰচনা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে  ২০১০ চনত বিশ্ব বিদ্যালয় অনুদান আয়োগে তেওঁক শিক্ষক বৃত্তি প্ৰদান কৰিছিল।