NORTHEAST NOW (Assamese)
ক্ৰীড়া

মেঘালয়ত ২২.৭৫ কোটি টকাৰ ইণ্ড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

Posted by: এন ই নাও নিউজ December 29, 2017 4:54 pm

মেঘালয়ৰ নগৰ পৰিক্ৰমা তথা কলা আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী ৰনী ভি লিংড’ই  মাউবিনা গাঁৱৰ পমলাক্ৰাইত এটা ইণ্ড’ৰ ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙৰ পৰা ১৬ কি. মি. দূৰত্বত অৱস্থিত ষ্টেডিয়ামটোৰ নিৰ্মাণত ২২.৭৫ কোটি টকা খৰছ হ’ব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমাৰ উদ্যোগত ইণ্ড’ৰ ষ্টেডিয়ামখনক উক্ত  স্থানত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। মেঘালয়ত অনুষ্ঠিত হ’ব লগীয়া ২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতিৰ উদেশ্যে ই এক সবল আৰম্ভণি।

উত্তৰ-পূৱ পৰিষদ আৰু মেঘালয় চৰকাৰৰ যুটীয়া উদ্যোগৰ অধীনত নিৰ্মাণ হ’ব লগীয়া উক্ত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠোতে ২ বছৰ সময় লাগিব। আনহাতে ২১০০ বৰ্গ মিটাৰ এলেকা সামৰি লোৱা ষ্টেডিয়ামখনত  ১৭০০ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰিব।

আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি  ক্ৰীড়া আৰু যুৱ পৰিক্ৰমাৰ সঞ্চালক মেতচীওডৰ ৱাৰ নঙব্ৰীয়ে কয় যে ভূমিকম্পৰ পৰিমাত্ৰাৰ কথা মনত ৰাখি  নিৰ্মাণ কৰিবলৈ লোৱা ইণ্ড’ৰ ষ্টেডিয়ামখনত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা যাব।