NORTHEAST NOW (Assamese)

বৰপেটাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩৪সংখ্যক অধিবেশন : হৰিনামেৰে মুখৰিত বৰপেটা

January 28, 2018 4:03 pm · পুলেন্দ্ৰ দাস

সত্ৰনগৰী বৰপেটাত কালিৰে পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত হৰিনামেৰে মুখৰিত হৈ পৰে সত্ৰ নগৰী বৰপেটা ৷

দিনৰ প্ৰায় দহ  বজাত ধীৰেন্দ্ৰ নাথ পাঠকে পতাকা উত্তোলনৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সংঘৰ জিলা সমিতিক  প্ৰাক্তন সম্পাদক কমলকৃষ্ণ দাসে ৷

শোভাযাত্ৰাত বৰপেটা জিলাৰ লগতে অইন জিলাৰ বাপ বান্ধৱ আই মাতৃসকলে অংশগ্ৰহণ কৰি হৰিনামেৰে মুখৰিত কৰি তোলে ৷

ইয়াৰ পিছতে সংঘৰ বৰপেটা জিলা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মালোচনা সভা ৷ দীনেশ দাসে উদ্বোধন কৰা এই সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে শৰণ সদস্য অক্ষয় উজিৰে ৷

সভাত শিশু বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় বেদান্ত কুমাৰ দাস আৰু সোণমনি দাসে ৷ সুজাতা দাস আৰু জোনালী দাসেও যুৱ বক্তা হিচাপে ভাষণ প্ৰদান কৰে ৷

সভাত অসম শক্তি পৰিবহন আৰু সংবহন কোম্পানীৰ গোৱালপাৰা সংমণ্ডলৰ প্ৰৱন্ধক গোপেশ চন্দ্ৰ ঠাকুৰীয়াই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি একশৰণ হৰি নাম ধৰ্ম আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত বক্তব্য আগবঢ়ায় ৷

ধৰ্মালোচনা সভাৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত  বাৰ্ষিক অধিবেশনৰ সামৰণি পৰিব ৷

Related News