NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ নগাঁওত দেশীয় চুলাই জব্দ গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ

Posted by: পুলেন্দ্ৰ দাস June 4, 2018 12:54 pm
IMG-20180604-WA0003

যুৱ প্ৰজন্মৰ বাবে বৰবিহ হিচাপে পৰিচিত মদ নিষিদ্ধ কৰাৰ বাবে একাংশ দল সংগঠনৰ লগতে কিছু নাৰী সংগঠনে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে ৷ এনে এটা সংগঠনে আজি বৰপেটাৰ নগাঁওত দেশীয় চুলাই সহ এজন লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও আঞ্চলিক সমিতিয়ে আজি পুৱা ৯মান বজাত নগাঁওৰ মছজিদৰ সন্মুখত স্কুটিৰে  আহি থকা লোক এজনৰ প্ৰতি সন্দেহ জন্মাত লোক জনক সোধ পোছ কৰাত দেশীয় চুলাই মদ কঢ়িয়াই অনাটো নিশ্চিত হয় ৷

লোকজনৰ পৰা ৫০লিটাৰতকৈ অধিক পৰিমানৰ দেশীয় মদ জব্দ কৰা হয়। ইফালে সংগঠনটোৰ সদস্যসকলে চুলাই সহিতে লোকজনক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়ে ৷

উল্লেখ্য যে  এই ঘটনা সন্দৰ্ভত সংগঠনটোৱে বৰপেটা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলিও জনায় ৷