NORTHEAST NOW (Assamese)
অসম

মাজুলীত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ হাতেৰে জীৱনৰ প্ৰথম মুঠি অন্ন মুখত ল’লে দেৱশিশুৱে

Posted by: মিটু খাটনিয়াৰ June 4, 2018 1:25 pm
IMG

সমাজ কল্যান মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ মাতৃ প্ৰেমৰ এখন বিশেষ ছবি আজি দেখিবলৈ পোৱা গল মাজুলীত। পুৱাই মাজুলীত উপস্থিত হোৱা মন্ত্ৰীজনাই কেইবাটাও বিভাগীয় কাৰ্যসূচীৰ মাজতে উপস্থিত হ’লগৈ ঢেকীয়াজুলি প্ৰাথমিক বিদ্যালয়ৰ অংগনাবাদী কেন্দ্ৰত। শিশু সকলৰ লগত উমলি জামলি মাতৃসকলৰ লগত মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে।

কেন্দ্ৰটোত গাঁৱৰে এটি দেৱশিশুৰ অন্নপ্ৰাশন অনুষ্ঠিত কৰিছিল শিশুটিৰ পিতৃ- মাতৃয়ে । এনে শুভ দিনত মন্ত্ৰীজনা কেন্দ্ৰটিত উপস্থিত হোৱাত তেওঁৰ হাতেৰেই শিশুটিৰ জীৱনৰ প্ৰথম মুঠি অন্ন খুৱাবলৈ স্থিৰ কৰিলে পিতৃ- মাতৃয়ে । উল্লেখযোগ্য যে হিন্দু ধৰ্মৰ দহবিধ শুদ্ধিজনক সংস্কাৰৰ অন্যতম এই অন্নপ্ৰাশন। এই ধৰ্মীয় অনুষ্ঠানত ভাগ ল’বলৈ পাই আনন্দিত হোৱা মন্ত্ৰী গৰাকীয়ে কোলাত দেৱশিশুটি লৈ নিজ হাতেৰে শিশুটিৰ জীৱনৰ প্ৰথম মুঠি অন্ন শিশুটিৰ মুখত দিলে। এনেদৰে শুভ ক্ষণৰ লগতে শুভ কাৰ্য সম্পাদন কৰিবলৈ পাই নিজকে ভাগ্যৱান বুলিলে মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আজি পুৱাই নিমাতী কমলাবাৰী ফেৰী ঘাটেৰে উপস্থিত হয় সত্ৰ নগৰী মাজুলীত। নামনি মাজুলীৰ আৰ্চেনিক আক্ৰান্ত চেঁচাচুক অঞ্চলৰ লোকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যেই মন্ত্ৰী ব্ৰহ্মই আজি মাজুলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।