NORTHEAST NOW (Assamese)

বৰপেটা সাহিত্য সভাৰ দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী সদৌ অসম শিশু উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতা

May 18, 2018 8:25 pm · পুলেন্দ্ৰ দাস
প্ৰতিনিধিত্বমূলক ছবি

বৰপেটা সাহিত্য সভাৰ দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী ন্যাসে এইবাৰ সদৌ অসম ভিত্তিত শিশু উপন্যাস সাহিত্যক আধাৰ হিচাপে লৈ দ্বিতীয়খনি পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত শিশু উপন্যাসৰ পাণ্ডুলিপিটো বৰপেটা সাহিত্য সভাৰ প্ৰকাশনৰূপে প্ৰকাশ কৰি অহা আগষ্টত দিলীপ কুমাৰ শৰ্মাৰ স্মৃতি দিৱসৰ দিনা উন্মোচন কৰা হ’ব। সেইদিনাখনেই মানপত্ৰ আৰু স্মাৰকৰ লগত গ্ৰন্থখন লেখকক বঁটা হিচাপে প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনি সকলো লেখকৰ বাবে মুকলি থাকিব।

প্ৰতিযোগিতাখনিত যোগদান কৰিব বিচৰা লেখকসকলক উপন্যাসৰ পাণ্ডুলিপি ৰামধেনু আখৰত ডিটিপি কৰি চিডিসহ তিনিটা কপি পোন্ধৰ জুনৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত পঠাবলৈ অনুৰোধ কৰা হ’ল।

যোগাযোগৰ ঠিকনা – ডঃ ৰাতুল পাঠক (৯১০১১৭১১৮৬), সচিব, দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী ন্যাস, বৰপেটা সাহিত্য সভা প্ৰণৱ ভাগৱতী (৭০০২১০৩২৫২) সম্পাদক, বৰপেটা সাহিত্য সভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ, বৰপেটা (অসম)-৭৮১৩০১।

Related News