NORTHEAST NOW (Assamese)

বৰ্ণাঢ্য আয়োজনেৰে কোকৰাঝাৰত ঈদ-উল-ফিতৰ উদযাপন : বিশেষ নামাজত অংশগ্ৰহণ হাগ্ৰামাৰ

June 17, 2018 9:07 am · ৰিনয় বসুমতাৰী
বিটিচ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঈদ-উল-ফিতৰ উপলক্ষে বিশেষ নামাজত অংশ লৈছে। ফটো : নৰ্থইষ্ট নাও

সমগ্ৰ দেশ তথা বিশ্বৰ লগতে ৰাজ্যখনৰ কোকৰাঝাৰতো মুছলমান সম্প্ৰদায়ৰ লোকসকলে উৎসাহ-উদ্দীপনা আৰু ধৰ্মীয় পৰম্পৰাৰে ঈদ-উল-ফিতৰ উদযাপন কৰে।

জিলাখনৰ ভূতগাঁও, ছালাকাটি, জয়পুৰ, ফকীৰাগ্ৰাম, চিলিটা আৰু গোসাইগাঁওৰ দৰে বিভিন্ন স্থানত মচজিদ আৰু ঈদগাহসমূহত বিশেষ নামাজৰ আয়োজন কৰা হয়।

ইছলাম ধৰ্মাৱলম্বী লোকসকলে মচজিদ আৰু ঈদগাহসমূহত সমবেত হৈ শান্তিৰ বাবে প্ৰাৰ্থনাৰে নামাজ পঢ়ে।

ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ৰমজান মাহৰ অন্তত ঈদ-উল-ফিতৰ পালন কৰা হয়। ৰমজান মাহত ইছলামধৰ্মী লোকসকলে পুৱাৰে পৰা সন্ধিয়ালৈকে উপবাসে থাকি ৰোজা পালন কৰে।ঈদ-উল-ফিতৰ বিশ্ব ভাতৃত্ববোধৰ ভাৱনা লৈ উদযাপন কৰা হয়।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই উপলক্ষে অসমৰ জনসাধাৰণলৈ ঈদৰ শুভেচ্ছা জনাইছে।

হাগ্ৰামাই লগতে কোকৰাঝাৰত ৰাইজৰ উৎসাহ-উদ্দীপনা আৰু সম্ভাষণৰ মাজতে বিশেষ নামাজতো অংশ লয়।

Related News