NORTHEAST NOW (Assamese)
দেশ

ভাৰতত দুবছৰ ধৰি বন্ধ হৈ আছে কোভিশ্বিল্ড! এষ্ট্ৰ’জেনেকাই ভেকছিন নিষিদ্ধ কৰাৰ পাছত বিবৃত্তি ছিৰাম ইনষ্টিটিউটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2024 3:51 pm

AstraZeneca ৰ covid ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত বিশ্বব্যাপী এক অধ্যয়ন আৰম্ভ হৈছে। বিতৰ্কৰ মাজতে কোম্পানীটোৱে ঘোষণা কৰিছে যে Covid ভেকচিন Vaxzevria বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব। এই বিষয়টোৰ সন্দৰ্ভত ভাৰতীয় ছিৰাম ইনষ্টিটিউটে কয় যে, “আৰম্ভণিৰ পৰাই আমি ২০২১ চনৰ পেকেজিঙৰ ভিতৰত থ্ৰম্ব’ছিছ, থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰমৰ দৰে পাৰ্শ্বক্ৰিয়াৰ ৰিপ’ৰ্ট পাইছো।”

বিশ্বৰ বজাৰৰ পৰা ‘VaxJevria’ Covid ভেকচিন প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে AstraZeneca-এ। ২০২০ চনত কৰ’না সংক্ৰমণৰ পাছত এষ্ট্ৰ’জেনেকাই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে মিলি AZD1222 ভেকচিন প্ৰস্তুত কৰে। ইফালে ভাৰতকে ধৰি বহু দেশৰ বাবে পুনে ছিৰাম ইনষ্টিটিউটে এই ভেকচিন প্ৰস্তুত কৰি যোগান ধৰিছিল। তেওঁলোকে এই ঔষধ নিৰ্মাণৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ছুইডিছ ব্ৰিটিছ ফাৰ্মাচিউটিকেলছৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰে।

শেহতীয়াকৈ আদালতৰ গোচৰত এষ্ট্ৰাজেনেকাই CoviShield ভেকচিন গ্ৰহণ কৰাৰ ফলত পাৰ্শ্বক্ৰিয়াৰ আশংকা স্বীকাৰ কৰিছে। ভেকচিন গ্ৰহণকাৰীৰ ক্ষেত্ৰত থ্ৰম্ব’ছিছ বা থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম হ’ব পাৰে। এই স্বীকাৰোক্তিৰ পাছত আতংকৰ সৃষ্টি হয়। ইয়াৰ কিছু সময়ৰ পাছতে AstraZeneca এ CoviShield বন্ধ কৰাৰ কথা ঘোষণা কৰে।

ভাৰতৰ ছিৰামৰ দাবী, ২০২১ চনৰ ডিচেম্বৰৰ পৰা ভেকচিন উৎপাদন বন্ধ কৰা হৈছে। তেওঁলোকৰ মতে, দেশত এই ভেকচিনৰ চাহিদা নাই। ছিৰাম ইনষ্টিটিউটৰ এগৰাকী মুখপাত্ৰই কয়, ‘২০২১ আৰু ২০২২ চনত ভাৰতৰ ভিতৰতে এই কৰ’না ভেকচিনৰ চাহিদা সৰ্বাধিক আছিল। ইটোৰ পাছত সিটো ক’ৰ’না ভেৰিয়েন্টৰ বিয়পি পৰাৰ বাবে এই দেশত ভেকচিনৰ উৎপাদনো বৃদ্ধি পায়। ২০২১ চনৰ ডিচেম্বৰৰ পাছত অৱশ্যে এই চাহিদা হ্ৰাস পালে। ফলত অতিৰিক্ত মাত্ৰাৰ উৎপাদন বন্ধ হৈ যায়।’