NORTHEAST NOW (Assamese)
দেশ

বিবাহিত মুছলমান লিভ-ইন সম্পৰ্কত থাকিব নোৱাৰে: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2024 4:56 pm

এজন বিবাহিত মুছলমানে সহবাসৰ অধিকাৰ (লিভ-ইন ৰিলেচনশ্বিপ) দাবী কৰিব নোৱাৰে, কিয়নো ইছলামত এনে সম্পৰ্ক অনুমোদিত নহয়। বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে। আদালতে আন্তঃধৰ্মীয় সহবাসৰ সম্পৰ্ক সন্দৰ্ভত বিষয়টো পৰ্যবেক্ষণ কৰে।

ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ এ কে শ্ৰীবাস্তৱৰ বিচাৰপীঠে এই গোচৰত লক্ষ্য কৰিছিল যে, “ইছলামিক নীতিয়ে কেতিয়াও বিবাহিত সম্পৰ্কৰ সময়ত লিভ-ইন সম্পৰ্কৰ অনুমতি নিদিয়ে৷”

কিন্তু সেই গোচৰত আদালতে সাংবিধানিক বৈধতা আৰু সামাজিক নৈতিকতাৰ মাজৰ ভাৰসাম্য মানি চলিবলৈও ‘পৰামৰ্শ’ দিয়ে। প্ৰসংগক্ৰমে উত্তৰ প্ৰদেশৰ বাসিন্দা স্নেহা দেৱীয়ে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে মহম্মদ ছাদাব খানৰ সৈতে সহবাস কৰিছিল। স্নেহাৰ পিতৃ-মাতৃয়ে বিষয়টো সন্দৰ্ভত আৰক্ষীৰ কাষ চাপি অহাৰ লগে লগে দম্পতীহালে সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিল। ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদ (জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা)ৰ অধীনত তেওঁলোকে নিৰাপত্তা বিচাৰিছিল।

ইয়াৰ পাছতে তদন্তত প্ৰকাশ পাইছে যে ২০২০ চনত ছাদাবে ফৰিদা খাতুন নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল। আদালতে নিৰ্দেশ দিয়ে যে এনে সম্পৰ্কত ২১ অনুচ্ছেদ প্ৰযোজ্য নহয়। দুজন ন্যায়াধীশৰ বিচাৰপীঠে স্নেহাক প্ৰাপ্তবয়স্ক বুলি দাবী কৰিলেও আৰক্ষীৰ নিৰাপত্তাৰ অধীনত পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে।