NORTHEAST NOW (Assamese)

ভাৰতীয় জাতীয় ফুটবল দলৰ বাবে নিৰ্বাচিত ছিকিমৰ বিকাশ জাইৰু

May 12, 2018 12:46 pm · এন ই নাও নিউজ

ছিকিম ফুটবলৰ বাবে আন এক সুখবৰ। অনাগত হিৰো ইণ্টাৰনেশ্যনেল কাপৰ বাবে ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে ছিকিমৰ আন এজন প্ৰতিভাশালী ফুটবলাৰ বিকাশ জাইৰু ।

পশ্চিম ছিকিম জিলাৰ গেইজিং নিবাসী ২৮ বছৰীয়া বিকাশ জাইৰুৱে ক্লাব পৰ্যায়ত ধাৰাবাহিকভাৱে ৰক্ষণ বিভাগত দেখুৱাই অহা উজ্জ্বীৱিত প্ৰদৰ্শণৰ বাবেই ৩০ জনীয়া ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে।

সদ্য সমাপ্ত ইণ্ডিয়ান ছুপাৰ লীগ আৰু ছুপাৰ কাপত জামছেদপুৰ এফ চিক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰা জাইৰু বৰ্তমান গৃহ ৰাজ্য ছিকিমত অৱসৰ বিনোদন কৰি আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে জাইৰুৱে ভাৰতীয় জাতীয় দলৰ হৈ ১০ খন মেচত প্ৰতিনিধিত্ব কৰিছে। তাৰোপৰি যোৱা বছৰ খেলা এএফচি এছিয়ান কাপ কোৱালিফায়িঙতো ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে।

স্মৰ্তব্য যে জাইৰু ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলত ছিকিমৰ হৈ গ’ল স্ক’ৰ কৰা প্ৰথমগৰাকী ফুটবলাৰ।

আই এছ এলত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে মেচৰ পৰিসমাপ্তি পৰিবলৈ ৬ মিনিট বাকী থাকোতে পৰিৱৰ্তিত খেলুৱৈ ৰূপত আত্মপ্ৰকাশ কৰি বিজয়সূচক গ’ল কৰিবলৈ সক্ষম হৈছিল। আৰু এইদৰে আই এছ এলত ছিকিমৰ হৈ গ’ল স্ক’ৰ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিচিত হয়।

ছিকিমৰ এই প্ৰতিভাবান খেলুৱৈ গৰাকীয়ে অহা দুটা ছিজনৰ বাবে চুক্তিবদ্ধ হৈ আছে জামছেদপুৰ এফ চিত। জানিব পৰা মতে ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে জাইৰুৱে অহা ১৬ মে’ত মুম্বাইলৈ ৰাওনা হ’ব।

উল্লেখ্য যে মুম্বাইত ১ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত হিৰো ইণ্টাৰনেশ্যনেল কাপত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিব কেনিয়া, নিউজিলেণ্ড আৰু চাইনিজ টাইপে।         

Related News