NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাক লৈ আমি গৌৰৱান্বিত, স্বাধীনতাৰ দিনৰে পৰা ই অৰাজনৈতিক আৰু ভৱিষ্যতেও অৰাজনৈতিক হৈ থকাটো বিচাৰো : কংগ্ৰেছ নেতা গুলাম নবী আজাদ

February 25, 2018 9:41 pm · এন ই নাও নিউজ
গুলাম নবী আজাদৰ সংবাদমেল

জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত কয় যে ভাৰতীয় সেনা স্বাধীনতাৰ দিনৰে পৰা অৰাজনৈতিক আৰু ইয়াৰ এই চৰিত্ৰই অক্ষুন্ন থকা উচিত।

তেওঁ কয়, ‘সেনাৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আছে, তেওঁলোক আমাৰ ৰক্ষাকাৰী। কিন্তু সেনাই দেশত কোনো ৰাজনৈতিক দলৰ বিকাশৰ বিচাৰ কৰিব নালাগে। দেশৰ ভূখণ্ড আৰু দেশৰ প্ৰতি ইঞ্চি মাটি মাটি ৰক্ষা কৰাটো সেনাপ্ৰধানৰ দায়িত্ব।’

সেনাপ্ৰধান বিপিন ৰাৱতে নতুন দিল্লীৰ এখন চেমিনাৰত শেহতীয়াকৈ অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ আৰু এ আই য়ু দি এফ দলৰ উত্থানৰ মাজত সংযোগ টানি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাজনে এই মন্তব্য আগবঢ়াই।

তেওঁ কয়, ‘স্বাধীন হোৱা দিন ধৰি অৰাজনৈতিক চৰিত্ৰ বজাই ৰখা আমাৰ সেনাবাহিনীক লৈ আমি গৌৰৱান্বিত। আমি আমাৰ সেনাক অৰাজনৈতিক কৰি ৰাখিছো আৰু ভৱিষ্যতেও ই অৰাজনৈতিক হৈ থকাটোৱে বিচাৰো।’

নিৰ্বাচনমুখী মেঘালয়ত দলৰ হৈ প্ৰচাৰ চলাই আহি আজি নেতাজন গুৱাহাটীত উপস্থিত হৈছেহি।

Related News