NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই গোপনে ভ্ৰমণ কৰি গ’ল ভূটান

February 19, 2018 10:31 am · এন ই নাও নিউজ
সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত।

ডোকলাম বিবাদৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ মুৰ্ব্বীকে ধৰি এটি উচ্চ পৰ্যায়ৰ ভাৰতীয় প্ৰতিনিধি দলে গোপনে ভূটান ভ্ৰমণ কৰি গ’ল।

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট, বৈদেশিক সচিব বিজয় গোখলে আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে পূৰ্বোত্তৰ সীমান্তত চীনৰ সামৰিক কুচ-কাৱাজ বৃদ্ধি পোৱাৰ বিষয়টো সম্পৰ্কে চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিষয়াসকলৰ সৈতে গোপনে বৈঠকত মিলিত হয়।

ফেব্ৰুৱাৰীৰ ৬ আৰু ৭ তাৰিখে অনুষ্ঠিত হোৱা বৈঠকত সুৰক্ষা আৰু ডোকলাম অংশত চীনে আন্ত:গাঁথনি নিৰ্মাণৰ বিষয়টোও আলোচনা কৰা হয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ডোকলাম অঞ্চলত চীনা সামৰিক বাহিনীৰ চৌহদ নিৰ্মাণৰ উপগ্ৰহীয় ছবি ধৰা পৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই বৈঠকখন অনুষ্ঠিত হৈছে।

এই বৈঠকৰ কথা ৰাজহুৱা কৰা হোৱা নাই যদিও সূত্ৰসমূহে জনোৱা মতে বৈঠকত ‘ইতিবাচক’ ফলাফল লাভ কৰা হৈছে। ভূটানৰ বিষয়াই ডোকলাম খণ্ডত তেওঁলোকে বিচৰা শান্তিৰ দাবী স্পষ্ট কৰি দিছে আৰু থিম্ফু আৰু বেইজিঙৰ মাজত হোৱা সীমান্ত সম্পৰ্কীয় আলোচনাৰ স্থিতি সম্পৰ্কে ভাৰতীয় দলটোক অৱগত কৰে।

চীন আৰু ভূটানে অঞ্চলটোত উদ্ভৱ হোৱা বিবাদ মীমাংসাৰ বিষয়ত আলোচনা চলাই আছে।

বিশ্ব বিনিয়োগ সন্মিলন-২০১৮ৰ এডভান্টেজ আছাম চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টগবেৰ সৈতে সুকীয়াকৈ আলোচনাত মিলিত হোৱাৰ পিছতে উক্ত ভ্ৰমণটো হৈ যায়। মোডীয়ে টগবেৰ সৈতে আলোচনা কালত উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ বৃদ্ধিৰ প্ৰচেষ্টা সম্পৰ্কে আলোচনা কৰিছিল।

সেনাৰ মুৰব্বী ৰাৱাটে যোৱা বছৰ ডোকলামক বিবাদিত ভূমি বুলি কৈ এক নতুন বিতৰ্কৰ সূচনা কৰিছিল। অৱশ্যে চীনৰ সমাৰিক বাহিনীয়ে দোহাৰিছিল যে এয়া চীনৰ নিজস্ব অংশ।

চীনৰ সৈতে ভূটানৰ কোনো কূটনৈতিক সম্পৰ্ক নাই। নিকট বন্ধু তথা প্ৰতিবেশী হিচাপে ভূটানে ভাৰতৰ পৰা কূটনৈতিক আৰু সামৰিক সহযোগ লাভ কৰি আহিছে। সূত্ৰসমূহে জনোৱা মতে সামৰিক বাহিনী আৰু বৈদেশিক মন্ত্ৰালয়ৰ আন কিছু শীৰ্ষ বিষয়ায়ো এই ভ্ৰমণত অংশ লৈছিল।

বৈদেশিক সচিবৰ ভ্ৰমণ সম্পৰ্কত কূটনৈতিক সূত্ৰই ইয়াক ‘নিয়মীয়া’ ভ্ৰমণ বুলি জনায়। আনহাতে, যোৱা ৯ মাহত ৰাৱাটৰ এইটো আছিল দ্বিতীয়টো ভূটান ভ্ৰমণ।

 

Related News