NORTHEAST NOW (Assamese)

ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় তথ্য আদান প্ৰদানত চীনৰ সন্মতি

March 28, 2018 6:56 pm · এন ই নাও নিউজ
Updated: March 28, 2018 6:57 pm

আজি ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় তথ্য আদান প্ৰদান কৰাৰ বাবে চীন সন্মত হৈছে। যোৱা বছৰ ডোকলামত দুয়ো দেশৰ সেনা বাহিনী সষ্টম কৰাৰ পিছত চীনে ব্ৰহ্মপত্ৰ সম্পৰ্কীয় তথ্য ভাৰতক প্ৰদান কৰাৰ পৰা বিৰত আছিল।

পূব চীনৰ হাংজু মহানগৰত অনুষ্ঠিত ভাৰত আৰু চীনৰ মাজত  সীমাৰ সিপাৰৰ নদীসমূহৰ ওপৰত আলোচনাৰ এদিন পিছত চীনৰ বিদেশ মন্ত্ৰালয়ে এই ঘোষণা কৰিছে।

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ লু কাঙে কয়,‘ভাৰত-চীনৰ বিশেষজ্ঞ পৰ্যায়ৰ ১১সংখ্যক আলোচনা হাংজু মহানগৰত অনুষ্ঠিত কৰি  জৰুৰীকালীন প্ৰতিক্ৰিয়া আৰু জলবিদ্যাজনিত তথ্য বিষয়ক দ্বিপাক্ষিক সহযোগিতাৰ পূৰ্বৰ আলোচনাসমূহৰ অগ্ৰগতিসমূহ দুয়োটা পক্ষই পুনৰীক্ষণ কৰিছিল।‘

এই চুক্তি অনুসৰি চীনে ভাৰতৰ সৈতে চীনৰ পৰা ভাৰতলৈ বৈ অহা নদীসমূহৰ তথ্য ভাৰতক যোগান ধৰৰা কথা আছিল যদিও যোৱা বছৰ দুয়োদেশৰ সেনা বহিনী ডোকলামৰ সীমান্তত ৭৩ দিন ধৰি মুখা-মুখিকৈ অৱস্থান কৰাৰ পিছত চীনে এই তথ্য দিয়াৰ পৰা বিৰত আছিল। চীনে কোৱা মতে তথ্য আদান-প্ৰদান আস্থান সমূহ নতুনকৈ সজোৱাৰ বাবে তথ্য আদান-প্ৰদান কৰিব পৰা হোৱা নাছিল।  বিশেষজ্ঞসকলৰ মতে এয়া আছিল ডোকলামৰ বাবে চীনৰ তৰফৰ পৰা আৰম্ভ কৰা এক জল-যুদ্ধ।

মঙলবাৰে সীমাৰ সিপাৰৰ নদী বিষয়ক ভাৰত-চীন বিশেষজ্ঞ পৰ্যায়ৰ আলোচনাচক্ৰখন অনুষ্ঠিত হৈ যায়। ভাৰতীয় দলটোৰ নেতৃত্বত আছিল জল সম্পদ মন্ত্ৰালয়ৰ আয়ুক্ত (বি এণ্ড বি) তিৰথ সিং মেহৰা আৰু চীনা দলটোক নেতৃত্ব দিছিল  চীনৰ জল সম্পদ মন্ত্ৰালয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিভাগৰ বাণিজ্যদূত য়ু ঝিংজুঙে।

Related News