NORTHEAST NOW (Assamese)

ভাৰত-নেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চলত ভাৰতে নিৰ্মাণ কৰিছে দলং

January 25, 2018 4:26 pm · এন ই নাও নিউজ
ভাৰত-নেপাল সীমান্তৰ মাজৰ নিৰপেক্ষ অঞ্চলৰ সীমান্ত খুটি। ফটো: দ্য কাঠমাণ্ডু প’ষ্ট

ভাৰতে ভাৰত-নেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চল গুলাৰিয়া-১০ ৰ খালেপুৰুৱাত এখন দলং নিৰ্মাণ কৰিছে। স্থানীয় লোকৰ উদ্ধৃতিৰে এই বাতৰি পৰিৱেশন কৰিছে ‘দ্য কাঠমাণ্ডু প’ষ্টে’।

এগৰাকী স্থানীয় ব্যক্তি নৰেশ লোধে কয় যে ভাৰতীয় কৰ্তৃপক্ষই দক্ষিণ নেপাল-ভাৰত সীমান্তৰ পিলাৰ নং ৬১/৬৪৭ৰ ১৬ মিটাৰ আঁতৰৰ সীমা নিৰপেক্ষ অঞ্চলত পৰা ৰাস্তাটো আৰু এখন দলং নিৰ্মাণ কৰিছে।

তেওঁ লগতে কয় যে সূৰ্য নদীৰ ওপৰৰ দলংখন বাৰিষা মথুৰা হৰিদ্বাৰ অঞ্চলত হোৱা বানপানীৰ বাবে দায়ী।

সীমান্ত অঞ্চলৰ বাসিন্দাসকলে কয় যে দলংখন ভূমি স্তৰৰ পৰা তিনি মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে য’ৰ পৰা নদীটোৱে নেপালৰ দিশে গতি কৰি বানপানীৰ সৃষ্টি কৰে।

বাতৰি অনুসৰি ভাৰতীয় কৰ্তৃপক্ষই দলংখন তথা ৰাস্তাটো বলপূৰ্বক নিৰ্মাণ কৰিছে। সীমান্ত  চকীৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে নেপাল-ভাৰতৰ যৌথ সীমান্ত জৰীপ দলে দুয়োখন দেশৰ মাজৰ সীমা নিৰ্দ্ধাৰণ নকৰালৈকে এই নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছিল।

দলং নিৰ্মাণৰ কাম চোৱাচিতা কৰা ভাৰতীয়া ঠিকাদাৰ মহম্মদ খাঁই কয় যে তেওঁৰ ফাৰ্মখনে চাৰিবছৰ আগতেই দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

মুখ্য জিলা বিষয়া নাৰায়ন ভট্টৰাইয়ে কয় যে তেওঁ খালেপুৰুৱালৈ পৰিদৰ্শনৰ বাবে যাব আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

অঞ্চলটোৰ সীমান্ত খুটিসমূহ জৰীজীৰ্ণ হৈ পৰাৰ বাবে দুয়োখনৰ দেশৰ সীমা পৃথক কৰাটো জটিল হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

Related News