NORTHEAST NOW (Assamese)
অসম

ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ : November 26, 2017 9:41 am

মানুহৰ ভুলৰ বাবেই অসমত হাতী-মানুহৰ ক্ৰমবৰ্ধিত সংঘাতে গুৰুতৰ ৰূপ লৈছে। লোকালয়ত হাতীৰ অনুপ্ৰৱেশকে ধৰি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ খবৰ এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে। কালি নিশাও ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। খবৰ মতে ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ ৪ নং বনগাওঁ দাদগিৰিত কালি ৫-৬ টা হাতীৰ এটা পাল প্ৰৱেশ কৰে আৰু গাওঁবাসীয়ে সিহঁতক পুনৰ হাবিলৈ খেদি পঠিয়াবৰ চেষ্টা কৰোঁতেই লংকেশ্বৰ বসুমতাৰে নামৰ এজন লোকক হাতীকেইটাই আক্ৰমণ কৰি ঠাইতে হত্যা কৰে। ইয়াৰ পাছতে হাতীৰ পালটো ভূটানৰ অৰণ্য অঞ্চললৈ গুচি যায়। কৃষি কৰ্ম কৰি পৰিয়াল চলোৱা বসুমতাৰীয়ে চাৰিটা সন্তান আৰু তেওঁৰ পত্নীক ইহসংসাৰত এৰি থৈ যায়। গাওঁবাসীয়ে ঘটনাটোৰ বলি হোৱা পৰিয়ালটোক উপযুক্ত সাহায্য দিবলৈ বন বিভাগ, বিটিচি প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনায়।

উল্লেখযোগ্য যে ভাৰত-ভূটান সীমান্তত থকা গভীৰ বনাঞ্চল মানুহে কাটি শেষ কৰাৰ পৰিণতিত হাতীৰ খাদ্যৰ নাটনিয়ে দেখা দিছে। এই বাবেই হাতীৰ পাল সঘনে জনবসতিৰ দিশত আহিবলৈ ধৰিছে।