NORTHEAST NOW (Assamese)
অসম

এন ডি এফ বিয়ে আহ্বান জনোৱা ‘অসম বন্ধ’ত স্তব্ধ হৈ পৰিল ওদালগুৰি

Posted by: চাজিদ খান January 31, 2019 8:19 pm
All India Bandh call by Traders' body

নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড (এন ডি এফ বি)ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক ২০০৮’ত সংঘটিত ছিৰিয়েল বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ৩০ জানুৱাৰিত আদালতে ঘোষণা কৰা যাৱজ্জীৱন কাৰাদণ্ডৰ বিৰুদ্ধাচৰণত আজি এন ডি এফ বিয়ে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ ওদালগুৰি জিলাত সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়।

এন ডি এফ বিয়ে আহ্বান জনোৱা আজিৰ এই বন্ধত বি চি এ ডিৰ অন্য প্ৰান্তৰ লগতে ওদালগুৰি চহৰৰো স্বাভাৱিক জনজীৱন স্বব্ধ হৈ পৰে। বন্ধৰ সময়ছোৱাত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, কাৰ্যালয়, দোকান-পোহাৰৰ লগতে যান-বাহনৰ চলাচলো বন্ধ থাকে।

ওদালগুৰি জিলাৰ খৈৰাবাৰী, পানেৰী, ভেৰগাঁও, ডিমাকুছি, কলাইগাঁও, ৰৌতা, মাজবাট আদি অঞ্চলৰ ৰাইজে আজিৰ বন্ধ সফল কৰি তোলে।

আদালতৰ ৰায়দানক বিৰুদ্ধাচৰণ কৰি এন ডি এফ বিয়ে আহ্বান জনোৱা অসম বন্ধৰ সময়ত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা। তদুপৰি বন্ধৰ সময়ছোৱাত জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই বুলিও জানিব পৰা গৈছে।