NORTHEAST NOW (Assamese)
অসম

ভুৱা প্ৰমাণ পত্ৰ লৈ অসমৰ মাদ্ৰাছাত শিক্ষকতা; ‘ভুৱা ডক্টৰে’ট‘ৰ পিছত পুনৰ সৰৱ ‘নাগৰিক সুৰক্ষা মঞ্চ’

Posted by: কল্পজ্যোতি শইকীয়া April 10, 2018 11:13 pm

উত্তৰ প্ৰদেশৰ ৰামপুৰ অৰিয়েন্টেল মহাবিদ্যালয়ৰ পৰা চাৰ্টিফিকেট কিনি আনি একাংশই শিক্ষকতা কৰি আছে অসমৰ মাদ্ৰাছাত। ভুৱা ডক্টৰে’ট ডিগ্ৰীধাৰীয়েও অসমৰ মহাবিদ্যালয়ত  অধ্যাপনা কৰি থকা বুলি যোৱা ১ এপ্ৰিলত বিস্ফোৰণ ঘটোৱা নাগৰিক সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে আজি ১০ এপ্ৰিলত এই দাবী কৰিছে।

ভুৱা ডক্তৰে’টৰ দাবীৰ পিছতে তদন্ত ঘোষণা কৰা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মাদ্ৰাছাসমূহৰ শিক্ষক নিযুক্তিৰো তদন্ত দাবী কৰিছে।

মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে আজি এন ই নাও-ক কয় যে বঙাইগাওঁ জিলাৰ জৰাগুৰি নাভানুৰ প্ৰী চিনিয়’ৰ মাদ্ৰাছাৰ আকবৰ আলী নামৰ সহকাৰী কোৰাণ শিক্ষকগৰাকীয়ে ১৯৯৮ চনৰ ২২ অক্টোবৰত উত্তৰ প্ৰদেশৰ ৰামপুৰ গৱৰ্নমেন্ট অ’ৰিয়েন্টেল কলেজৰ পৰা উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা বুলি দেখুৱাইছে অসমৰ মাদ্ৰাছা শিক্ষা বৰ্ডে। কিন্তু তাৰ বিপৰীতে ১৯৯৬ চনতে তেওঁ উক্ত মাদ্ৰাছাখনত সহকাৰী কোৰাণ শিক্ষক হিচাপে নিযুক্তি পাইছিল।

বৰ্মনে প্ৰশ্ন কৰে ‘উত্তীৰ্ণ নোহোৱাকৈ শিক্ষক হোৱাটো কেনেকৈ সম্ভৱ?’

আনহাতে ‘মাদ্ৰাছা বৰ্ডৰ সম্পাদক এ কিউ আল আমনে ২০০৪ চনত মতিউৰ ৰহমান আৰু আব্দুল বটেন শ্বেইখ নামৰ দুজন মাদ্ৰাছা শিক্ষকক আংশিক সমমৰ্য্যাদা প্ৰদান কৰিছিল। আংশিক সমমৰ্য্যাদাৰ  অৰ্থ এইটোৱেই যে ষষ্ঠ শ্ৰেণী পাছ কৰিলেও দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ পোৱা’ বুলি দাবী কৰে মঞ্চৰ সভাপতিজনে।

তাৰোপৰি উত্তৰ প্ৰদেশৰ যিখন কলেজৰ প্ৰমাণ পত্ৰৰ ভিত্তিত অসমৰ মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ সম্পাদক এ কিউ আল আমনে এই সমমৰ্য্যাদা প্ৰদান কৰিছিল বুলি মঞ্চই দেখুৱাইছে সেই প্ৰমাণ পত্ৰসমূহত উকা আৰু তাত ৰামপুৰ অ’ৰিয়েন্টেল কলেজৰ অধ্যক্ষৰ কোনো চহী নাই।

বৰ্মনে মাদ্ৰাছাত শিক্ষক নিযুক্তিত হোৱা উপৰোক্ত ‘কেইটামান উদাহৰণ’ দাঙি ধৰি দাবী কৰে যে অসমৰ ৩২৬ খন মাদ্ৰাছাৰ বহুবিলাকতে বহিঃৰাজ্যৰ পৰা ডিগ্ৰী কিনা একাংশই শিক্ষকতা কৰি আছে।