NORTHEAST NOW (Assamese)
অসম

শ্ৰমিকসকলৰ দক্ষতা বিকাশ প্রশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পল্লবলোচন দাসে

Posted by: কল্পজ্যোতি শইকীয়া April 10, 2018 11:17 pm

আজি গণেশগুৰিৰ নেডফি হাউছত শ্ৰম কল্যাণ বিভাগৰ অধীনত শ্ৰমিক সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰে শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী পল্লবলোচন দাসে।

আঁচনিখনৰ সন্দৰ্ভত সংবাদ মাধ্যমক জনাই মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে মঙ্গলদৈ, টিহু আৰু ৰঙিয়াত ৯০০ শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।

এই ৯০০ শ্ৰমিকক পূৰ্বোত্তৰ কনচ’ৰটিয়াম অব আছামৰ বিশেষভাবে প্ৰশিক্ষিত ১৮ গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি তেওঁ কয়।

উপৰি শ্ৰমিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাক চৰকাৰে অন্যতম লক্ষ্য হিচাপে লৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘নিৰ্মাণ শ্ৰমিকসকলে মেটাৰনিটিৰ ক্ষেত্ৰত  ২০০০ টকাকৈ সাহায্য লাভ কৰিব। স্বাস্থ্য পৰীক্ষাৰ বাবদ ৫০০০ টকা প্ৰদান কৰা হ’ব। কোনো শ্ৰমিক মৃত্যু মুখত পৰিলে প্ৰধানমন্ত্ৰী জীবনজ্যোতি আঁচনিৰ অধীনত ২ লাখ টকা সাহায্য পাব। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ’লে অথবা নহ’লেও ২ লাখ টকা পাব।”

তেওঁ আৰু কয়, “শ্ৰমিকসকলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবদ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ১৫০০ টকা, ষষ্ঠ-সপ্তম শ্ৰেণীত ২৭৫০ টকা, অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ৪০০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীত ৭০০০ টকা আৰু স্নাতক পৰ্য্যায়ত আৰু ডিগ্ৰী অথবা আই টি আই কৰিলে ১০,০০০ টকা আৰু স্নাতকোত্তৰ ডিগ্ৰী কৰিলে ২০০০০ টকা লাভ কৰিব। ”

তদুপৰি কোনো শ্ৰমিক কাম কৰি থকা অৱস্থাত আঘাত পাই বিকলাঙ্গ হৈ গ’লে ৩ লাখ টকা সাহাৰ্য্য লাভ কৰিব। লগতে শ্ৰম কৰিব নোৱাৰা নিৰ্মাণ শ্ৰমিকসকলক মাহে ২০০০ টকা পেঞ্চন প্ৰদান কৰাৰ উপৰিও বছৰে বছৰে ১০০ টকাকৈ যোগ হৈ থাকিব।”

অনুষ্ঠানটোত শ্ৰম আয়ুক্ত তপন চন্দ্ৰ শৰ্মা, অতিৰিক্ত শ্ৰম আয়ুক্ত কিমটিঙ চিংচং আৰু ডেপুটী শ্ৰম আয়ুক্ত অনুসূয়া দত্ত উপস্থিত আছিল।