NORTHEAST NOW (Assamese)

ভূপেন্দৰ সিঙৰ হত্যাকণ্ডত ব্যৱহৃতৰ সন্দেহত চালকসহ ইন’ভা জব্দ টীয়ক আৰক্ষীৰ

January 21, 2018 5:14 pm · এন ই নাও নিউজ
Updated: January 21, 2018 5:46 pm

গুৱাহাটী জয়ানগৰস্থিত নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰ ভূপেন্দৰ সিঙক যোৱা ১৩ জানুৱাৰিৰ নিশা এখন ইন’ভা গাড়ীয়ে ৰহস্যজনকভাৱে খুন্দিয়াই হত্যা কৰিছিল।

শনিবাৰে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত যোৰহাট জিলাৰ টীয়ক হাঁহচৰাত টীয়ক আৰক্ষীয়ে এ এছ ০১ এ ৱাই ৯৯৩৭ নম্বৰৰ এখন ইন’ভা গাড়ী জব্দ কৰে। সম্প্ৰতি ইন’ভাখনৰ লগতে চালক দিবজ্যোতি পাত্ৰক বশিষ্ঠ থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

নিশা আৰক্ষীয়ে জব্দ কৰা ইন’ভাখনত দুৰ্ঘটনাৰ চিন থকালৈ চাই আৰক্ষীয়ে ভূপেন্দৰ সিঙৰ হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে চালক দিবজ্যোতি পাত্ৰক অধিক তথ্যৰ উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে।

জাকিৰ হুছেইনৰ নামত পঞ্জীকৃত ইন’ভাখনৰ গৰাকী আব্দুল ৰাজ্জাক বুলি জানিব পৰা গৈছে। আনহাতে খবৰ অনুসৰি দিবজ্যোতি পাত্ৰই আব্দুল ৰাজ্জাকৰ পৰা গাড়ীখন ক্ৰয় কৰাৰ কথা আছিল।

উল্লেখযোগ্য যে আৰক্ষীয়ে বৰ্তমানলৈকে নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰ ভূপেন্দৰ সিঙৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে ভূপেন্দৰ সিঙৰ পৰিয়ালে এই হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীৰ শুং-সূত্ৰ দিওঁতাজনক ২ লাখ টকাৰ পুৰস্কাৰ দিব বুলিও জানিব পৰা গৈছে।

 

 

Related News