NORTHEAST NOW (Assamese)

ভোটদান কৰিব নোৱাৰিব এই কেইগৰাকী অভিনেত্ৰীয়ে : কিন্তু কিয়?

April 23, 2024 7:07 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 22, 2024 9:24 pm

দেশত বৰ্তমান চলি আছে সাধাৰণ নিৰ্বাচন। চৌদিশে বলিছে নিৰ্বাচনৰ গৰম বতাহ। ১ জুনলৈ ৭টা ভিন্ন পৰ্যায়ত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইতিমধ্যে যোৱা ১৯ এপ্ৰিল বিভিন্ন ৰাজ্যত অনুষ্ঠিত হৈ গ’ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনিৰ ভোট গ্ৰহণ।

প্ৰথম পৰ্যায়ত ভোটদান কৰিলে দেশৰ বহু অভিনেতা অভিনেত্ৰীয়ে। অহা ২০ মে’ত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰভোট গ্ৰহণ। পঞ্চম পৰ্যায়ত ভোটদান কৰিব মুম্বাইত থকা বহু অভিনেতা-অভিনেত্ৰীয়ে। পিছে এই নিৰ্বাচনৰ ভোটদান কৰিব নোৱাৰিব দেশৰ কেইবাগৰাকীও অভিনেত্ৰীয়ে। 

কেটৰিনা কাইফ

ব্ৰিটিছ হংকঙত জন্মগ্ৰহণ কৰা কেটৰিনা কাইফৰ ভাৰতীয় নাগৰিকত্ব নাই। এই কাৰণেই হিন্দী চিনেমাৰ সফল নায়িকাগৰাকীৰ ভাৰতৰ ভোটাধিকাৰ নাই।

আলিয়া ভাট

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট। আলিয়াৰ ভোটাধিকাৰ নাই। আচলতে আলিয়াৰ ভাৰতীয় নাগৰিকত্ব নাই। কাৰণ তেওঁৰ জন্ম ইংলেণ্ডৰ বাৰ্মিংহামত, যিখন চহৰত তেওঁৰ মাতৃ ছ’নী ৰাজদানৰো জন্ম হৈছিল।

নোৰা ফাতেহী

নোৰা ফাটেহীৰ জন্ম মৰক্কোৰ। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই মৰক্কোৰ। অৱশ্যে তেওঁ কানাডাৰ নাগৰিকত্ব লাভ কৰিছে। ইয়াৰ বাবেই ভাৰতীয় নিৰ্বাচনত ভোটদানৰ আইনী অধিকাৰ নাই নোৰাৰ।

জেকলিন ফাৰ্নাণ্ডেজ

 

জেকলিন ফাৰ্নাণ্ডেজৰ জন্ম হৈছিল বাহৰেইনত। তেওঁ পিতৃ শ্ৰীলংকা আৰু মাতৃ মালয়েছিয়াৰ। এই কাৰণেই তেওঁ শ্ৰীলংকাৰ নাগৰিকত্ব লাভ কৰিছে। সেয়েহে ভাৰতীয় নিৰ্বাচনত ভোটদানৰ অধিকাৰ নাই জেকলিনৰ।

ছানি লিয়ন

কৰণজিৎ কৌৰ ওৰফে ছানি লিয়নে কানাডাৰ নাগৰিকত্ব লাভ কৰিছে। ইয়াৰ বাবেই ভাৰতত নিৰ্বাচনত অভিনেত্ৰীগৰাকীয়ে ভোটদানৰ অধিকাৰ লাভ কৰা নাই।

 

Related News