NORTHEAST NOW (Assamese)
অসম

ভয়ানক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা খাৰুপেটীয়া চহৰ : সৰিয়হৰ গুদামত লগা জুই নিয়ন্ত্ৰণ অগ্নি নিৰ্বাপক বাহিনীৰ

Posted by: ময়ূখ গোস্বামী March 7, 2018 5:22 pm

ভয়ানক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল খাৰুপেটীয়া চহৰ। ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন বিভাগে খাৰুপেটীয়া আৰু মঙলদৈৰ ৬ খন অগ্নিনিৰ্বাপক গাড়ীৰ সহযোগত মঙলবাৰে ৰাতিৰ এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

চহৰখনৰ ব্যস্ত ১ নং ৱাৰ্ডত থকা গৌতম চুৰানা নামৰ ব্যৱসায়ীজনৰ সৰিয়হৰ গুদামত মঙলবাৰে ৰাতি প্ৰায় ৯ বজাত লগা জুই দুঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয়।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে লগা বুলি সন্দেহ কৰা এই অগ্নিকাণ্ডটোত গুদামটোত থকা প্ৰায় ১ লাখ টকাতকৈও অধিক মূল্যৰ সৰিয়হ নষ্ট হয় বুলি ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিছে।

ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে আগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি বিভাগীয় সূত্ৰই জনাইছে।