NORTHEAST NOW (Assamese)
অসম

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা গোটৰ নতুন সমিতি গঠন

Posted by: এন ই নাও নিউজ March 7, 2018 4:47 pm
All Assam Gorkha Students’ Union (AAGSU)

লোহিত ছেত্ৰীক সভাপতি আৰু ধন বাহাদুৰ ঠাকুৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা গোটৰ নতুন সমিতি গঠন কৰা হৈছে।

দুধনৈত যোৱা দেওবাৰে বিষয়ববীয়া বাচনি সভাখন অনুষ্ঠিত হয়।

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতা সঞ্জীৱ ছেত্ৰীয়ে ৰাজ্যখনৰ গোৰ্খা লোকসকলে সম্মুখীন হৈ থকা বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ে বহলভাৱে বক্তব্য আগবঢ়াই।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ৰাম শ্ৰেষ্ঠই ৰাজ্যখনত গোৰ্খাসকলে সন্মুখীন হৈ অহা শৈক্ষিক সমস্যাসমূহৰ বিষয়ে আলোকপাত কৰে।

কে’ বি সোনাৰ, গোবিন্দ উপাধ্যায়, নাৰায়ণ উপাধ্যায় আৰু কে’ বি কটৱাল আদি বিশিষ্ট ব্যক্তিও অনুষ্ঠানটোত উপস্থিত আছিল।