NORTHEAST NOW (Assamese)

মংগলদৈত পথত পৰি থকা অৱস্থাত সজীৱ গুলি উদ্ধাৰ আৰক্ষীৰ

January 17, 2018 6:30 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফট’

গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত মংগলদৈ আৰক্ষীয়ে মংগলদৈ-ভূটীয়াচাং সংযোগী ব্যস্ত গড়কাপ্তানি পথটোৰ শালৈপাৰাত আজি পৰিত্যক্ত অৱস্থাত এজাঁই সজীৱ গুলি উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি চমুৱাপাৰা গাঁৱৰ জিতু মণি বৰুৱা নামৰ এজন লোক গাওঁখনেদি আহি থকা অৱস্থাত প্ৰথমে পৰি থকা গুলি দেখি আৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষীয়ে ইয়াক ৯ এমএম ব’ৰৰ পিস্তলৰ গুলি বুলি নিশ্চিত কৰে।

বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে গুলিটো অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰ নে অন্য অস্ত্ৰৰ থিৰাং কৰিব পৰা নাই।

মংগলদৈ আৰক্ষীৰ ওচৰত কোনো অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰ অধিকাৰীৰে গুলি হেৰোৱাৰ কোনো খবৰ নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Related News