NORTHEAST NOW (Assamese)
অসম

১০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব ফেমিনা মিছ ইণ্ডিয়াৰ অডিচন

Posted by: এন ই নাও নিউজ January 17, 2018 6:16 pm
ফেমিনা মিছ ইণ্ডিয়া

এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ বাবে গুৱাহাটীত অহা ১০ মাৰ্চত বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ উত্তৰ-পূবৰ বাছনি পৰিক্ষা সমূহ অসম, নাগালেণ্ড, ছিকিম, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ত অনুষ্ঠিত হ’ব।

দেশৰ ভিতৰতে আগশাৰীৰ ফেশ্বন শ্ব’টোত সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ পৰা প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। অহা ২৫ মাৰ্চত গুৱাহাটীৰ ভঙাগড়ৰ বিগবজাৰ চৌহদত উক্ত ফেশ্বন শ্ব’ৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

সৌন্দৰ্য প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিব খোজা প্ৰতিযোগী সকল অবিবাহিত মহিলা হোৱাৰ লগতে তেওঁলোকৰ বয়স ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত আৰু উচ্চতা ৫.৫ ফুট বা তাতকৈ অধিক হ’ব লাগিব। ইয়াৰ উপৰি অংশ গ্ৰহণকাৰী সকলৰ ভাৰতীয় পাছপৰ্ট থকাটো বাধ্যতামূলক।

উল্লেখযোগ্য যে টাইমছ গ্ৰুপে প্ৰকাশ কৰা ফেমিনা নামৰ এখন মহিলা আলোচনীখনৰ দ্বাৰা প্ৰত্যেক বছৰে আয়োজিত ফেমিনা মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাখনে মিছ ৱৰ্ল্ড আৰু মিছ ইউনিৰ্ভাচৰ বাবে ভাৰতৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰে।