NORTHEAST NOW (Assamese)

মঙলদৈত অসম চিকিৎসা সেৱা সংস্থাৰ ৪৪তম বাৰ্ষিক অধিবেশনৰ আয়োজন

January 31, 2018 10:16 pm · ময়ুখ গোস্বামী

২ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মঙলদৈত অসম চিকিৎসা সেৱা সংস্থাৰ ৪৪তম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব।

মঙলবাৰে আয়োজিত এখন সংবাদমেলত স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক তথা উদ্যোক্তা সমিতিৰ মুৰব্বী ড০ ৰুপ লাল নুনিচাই জনাই যে বিশ বছৰ ব্যৱধানৰ মূৰত মঙলদৈত আয়োজন কৰিবলৈ লোৱা উক্ত অধিবেশনত সকলো জিলাৰ প্ৰায় ২০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

অধিবেশনখন সুকলমে অনুষ্ঠিত কৰাৰ উদেশ্যে উদ্যোক্তা সমিতিয়ে প্ৰায় ১০ লাখ টকাৰ বাজেট প্ৰস্তুত কৰি তুলিছে।

অসম চিকিৎসা সেৱা সংস্থাৰ বাৰ্ষিক অধিবেশনৰ সম্পাদক ড০ ননি গোপাল চহৰিয়াই জনাই যে  ২ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় কাৰ্যবাহী কমিটী সভা অনুষ্ঠিত হ’ব।

অধিবেশনৰ দ্বিতীয় দিনা সংস্থাৰ সভাপতি ড০ দিলীপ দেৱ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে সংস্থাটোৰ সাধাৰণ সম্পাদক ড০ কনক চন্দ্ৰ তালুকদাৰে স্মৃতি তৰ্পণ কৰিব। উক্ত দিনাই মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসে এক সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব।

অধিৱেশনখনত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী তথা স্বাস্থ্য বিভাগৰ বহু উচ্চ পদস্থ বিষয়াই অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

 

Related News