NORTHEAST NOW (Assamese)
অসম

মঙলদৈত অৰ্ধনিৰ্মিত পাৰ্কিং থলী উদ্বোধন জিলা প্ৰশাসনৰ

Posted by: ময়ূখ গোস্বামী May 1, 2018 10:15 pm
Multi Storey Parking Complex at mangaldoi

নিৰ্মীয়মান অৱস্থাত থকা মঙলদৈ চহৰৰ গাড়ী পাৰ্কিং থলীৰ এচোৱা দৰং জিলা প্ৰশাসনে আজি ১ মে’ত উদ্বোধন কৰে।

১৬৭৬৪ বৰ্গ ফুট এলেকা এটাত এই পাৰ্কিং থলী নিৰ্মাণ কৰি থকা হৈছে। বিশেষ সাহায্য কাৰ্য্যসূচীৰ অধীনত প্ৰকল্পটোৰ বাবে ৫ কোটি টকা আগবঢ়োৱা হৈছিল।

মঙলদৈ চহৰৰ যান-জঁটৰ সমস্যাটো লোকসকলৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে। প্ৰকল্পটোৰ ফলত ৰাইজে সকাহ পাব বুলি আশা কৰা হৈছে।

অনুষ্ঠানটোত বিধায়ক গুৰুজ্যোতি দাস, উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰবৰ্তীৰ লগতে আন বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে বৰ্তমান প্ৰকল্পটো কেৱল দুচকী্যা বাহনৰ বাবেহে মুকলি কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহত এই প্ৰকল্পটো সন্দৰ্ভত উপায়ুক্তই ঘোষণা কৰিছিল।