NORTHEAST NOW (Assamese)
অৰুণাচল

শিল্পকৰ্মীসকলক উদ্যমী হোৱাৰ লগতে স্বনিৰ্ভৰশীল মাৰ্কেট পাৰ্ছন হ’বলৈ আহ্বান অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা নীলম মিশ্ৰৰ

Posted by: প্ৰণৱ কুমাৰ দাস May 1, 2018 10:25 pm
State First Lady Governor's wife, Visit to RDC

অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা, অৰ্থাৎ ৰাজ্যপাল বি ডি মিশ্ৰৰ পত্নী নীলম মিশ্ৰই আজি ৰাজ্যখনৰ শিল্পকৰ্মীসকলক কষ্টস্বীকাৰ আৰু উদ্যমিতা গঢ় দিয়াৰ লগতে স্বনিৰ্ভৰশীল মাৰ্কেট পাৰ্ছন হ’বলৈ আহ্বান জনায়।

দৈমুখত থকা ৰাজ্যখনৰ টেক্সটাইল আৰু হেণ্ডিক্ৰাফট বিভাগৰ অধীনত থকা আটাইতকৈ পুৰণি ঔদ্যোগবোৰৰ ভিতৰত এটা- ‘ৰিছাৰ্চ আৰু ডিজাইনিং চেণ্টাৰ’ ভ্ৰমণ কৰোতে তাত লগ পোৱা বয়ন আৰু অন্যান্য শিল্পকৰ্মীসকলক তেওঁ এই আহ্বান জনায়। নীলম মিশ্ৰই উদ্যোগটোৰ বয়ন, এম্ৰইডাৰি, নিটিং, কাৰ্পেট নিৰ্মাণ, কাঠৰ খোদাই, কাৰ্পেনট্ৰি আৰু পেইণ্টিং আদি বিভিন্ন বিভাগবোৰ পৰিদৰ্শন কৰে আৰু বিষয়া, কৰ্মী, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থী আদিৰ সৈতে মত বিনিময় কৰে।

পৰিদৰ্শনকালত ৰাজ্যখনৰ প্ৰথম মহিলাগৰাকীয়ে ভাস্কৰসকল আৰু প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলক পৰম্পৰাগত নক্সাবোৰৰ ওপৰত নৱ-সংযোজনৰ সৈতে কাম কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে বয়ন, কাঠৰ খোদাই আৰু কাৰ্পেট নিৰ্মাণ আমাৰ ৰাজ্যখনৰ প্ৰায় প্ৰতি ঘৰতে আছে। কিন্তু আমাৰ কুটীৰ শিল্পীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ দাম একেবাৰে কম পায়। তেওঁ প্ৰশিক্ষাৰ্থীসকল কষ্ট কৰাৰ লগতে নিজৰ মাজত উদ্যমিতা বৃদ্ধি কৰি আৰু নিজৰ বাবে নিজেই এজন ভাল মাৰ্কেটিং পাৰ্ছন হোৱাৰ বাবে আহ্বান জনায়।

তেওঁ কেন্দ্ৰটোত উৎপাদিত সামগ্ৰীবোৰৰ গুণগত মানৰো প্ৰশংসা কৰে। নীলম মিশ্ৰৰ আগত পাপুমপাৰে জিলাৰ টেক্সটাইল, হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফটৰ উপ-সঞ্চালক টি চি কাপা আৰু সহ-সঞ্চালক কামান পাৰ্টিনে কেন্দ্ৰটোৰ শেহতীয়া পৰিৱৰ্তনবোৰ বিষয়ে চমুকৈ দাঙি ধৰে।