NORTHEAST NOW (Assamese)
অসম

মঙলদৈত প্ৰথমখন ফুটবল আৰু টেবুল টেনিছ একাডেমি উদ্ধোধন

Posted by: ময়ূখ গোস্বামী May 20, 2018 11:05 pm
New Football Academy in Mangaldai

মঙলদৈৰ তৰুণ ফুটবল খেলুৱৈসকলক সঠিকভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে মঙলদৈ ক্ৰীড়া সন্থাই আজি অঞ্চলটোৰ প্ৰথমখন ফুটবল একাডেমিৰ উদ্ধোধন কৰে।

আজি আবেলি মঙলদৈ ষ্টেডিয়ামত অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে ফুটবল একাডেমিখনৰ শুভাৰম্ভ কৰে। শুভাৰম্ভণি অনুষ্ঠানত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ ক্ৰীড়া সন্থাৰ সম্পাদক অনুপম ডেকাকে ধৰি ক্ৰীড়াক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ফুটবল একাডেমিখনৰ প্ৰতি স্থানীয় লোকসকলে দেখুৱা সঁহাৰিৰ বাবে একাডেমিখনৰ সম্পাদক বিপুল কুমাৰ শৰ্মা যথেষ্ট উৎফুল্লিত হৈ পৰে।

নৰ্থ-ইষ্ট নাওক তেওঁ কয়, ‘আৰম্ভণিৰ দিনাই দুশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰিছেহি।‘

আনহাতে ফুটবল একাডেমিৰ লগতে মঙলদৈ ষ্টেডিয়ামত আজি ‘নেশ্যনেল ইন্সটিটিউট অব স্পৰ্টছ’ৰ তত্তাৱধানত এখন নতুন টেবুল টেনিছ একাডেমিয়ো আৰম্ভ কৰা হয়।

টেবুল টেনিছ একাডেমিত ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে নামভৰ্তি কৰে বুলি জানিব পৰা গৈছে।