NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই

Posted by: এন ই নাও নিউজ March 27, 2019 8:53 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা চহৰৰ মাজমজিয়াত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আজি সন্ধিয়া হঠাতে দাও দাওকৈ জুই লাগে।  এই জুইৰ ফলত মা ট্ৰেৰ্ভেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কেইবা হাজাৰ টকা মূল্যৰ সা-সামগ্ৰী জুইত জাহ যায়।

ঘটনা স্থলীত থকা স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয় যদিও দোকানখনত থকা কোনোধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিব পৰা নগ’ল।

উল্লেখযোগ্য যে, বুধবাৰীয়া মাৰ্ঘেৰিটাৰ বজাৰ বন্ধ থকা অৱস্থাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোৰ ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কোনো লোক আহি উপস্থিত নোহোৱাত স্থানীয় ৰাইজ বিভাগটোৰ ওপৰত ক্ষুব্ধ হৈ পৰে।