NORTHEAST NOW (Assamese)

মঙলদৈত বীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন : মুখ্য মন্ত্ৰীৰ অংশ গ্ৰহণ

January 31, 2018 8:50 pm · ময়ুখ গোস্বামী
Updated: January 31, 2018 8:53 pm

বুধবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত মঙলদৈত বীৰ চিলাৰায় ৫০৮ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়।

এই উদ্দেশ্যে মঙলদৈৰ গান্ধী মৈয়দানত অনুষ্ঠিত সমাৰোহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

সমাৰোহত ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে চীলাৰাইক শ্ৰদ্ধাঞ্জলি জনাই কয় যে মহাবীৰ চিলাৰায় কেৱল এগৰাকী মহান যুদ্ধাই নাছিল। তেওঁ অসমৰ প্ৰকৃত দেশপ্ৰেমীক আৰু মানৱয় মূল্যবোধৰ এক গভীৰ নিদৰ্শন তথা প্ৰকৃতি প্ৰেমী আছিল।

মুখ্য মন্ত্ৰী গৰাকীয়ে চিলাৰাইক বহু মুখী প্ৰতিভাৰ অধিকাৰী বুলি উল্লেখ কৰি উঠি অহা প্ৰজন্মক মহান বীৰ গৰাকীৰ অদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।

ইয়াৰ আগেয়ে মুখ্য মন্ত্ৰী গৰাকীয়ে সদৌ দৰং কোঁচ ৰাজবংশী কেন্দ্ৰীয় কাৰ্যালয় প্ৰাংগণত থকা বীৰ চিলাৰয়ৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে। সভাত মন্ত্ৰী নৱ দলে চিলাৰায় জন্ম জয়ন্তী উপলক্ষে উলিওৱা স্মৃতি গ্ৰন্থখন উন্মোচন কৰে।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ উপৰি সাংস্কৃতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলে, মঙলদৈ লোকসভা সমষ্টিৰ বিধায়ক ৰমেন ডেকা, মঙলদৈ আৰু ছিপৰাঝাৰৰ বিধায়ক ক্ৰমে গুৰুজ্যোতি দায় আৰু বিনন্দ কুমাৰ শইকীয়া, নেহুৰ অধ্যাপক ড০ জ্যোতিৰময় প্ৰধান, দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু কোচ ৰাজ পৰিয়ালৰ সদস্য তথা বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

সমাৰোহত কোঁচ ৰাজবংশী সকলৰ বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

 

 

Related News