NORTHEAST NOW (Assamese)

মঙলদৈৰ হিৰ’ ছাৰ্ভিচ চেণ্টাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ২৫ খন বাইক

May 28, 2018 9:56 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

দেওবাৰে নিশা মঙলদৈৰ এলএনবি ৰোডস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান হিৰ’ ছাৰ্ভিচ চেণ্টাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে নিশা ছাৰ্ভিচ চেণ্টাৰটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি একাংশ স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে এই অগ্নিকাণ্ডটোৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানটো সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে প্ৰায় ২৫ খন বাইকৰ লগতে বহু প্ৰয়োজনীয় নথি পত্ৰ আৰু কেইবাটাও কম্পিউটাৰ অগ্নিকাণ্ডত ভস্মীভূত হোৱাৰ খবৰ লাভ কৰা গৈছে।

নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰাত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। লগে লগে স্থানীয় অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ভয়ংকৰ অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱা নাই যদিও ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ প্ৰায় ২০ লাখ টকাৰ সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে।

Related News