NORTHEAST NOW (Assamese)
অসম

মজুৰি বৃদ্ধিৰ দাবীত শিৱসাগৰৰ আমগুৰিতো দেখা গ’ল বাগিচা শ্ৰমিকৰ প্ৰতিবাদ

Posted by: ৰাজীৱ দত্ত February 28, 2018 10:11 am
protest-againist-exploitation-in-TE-authority

অসম চাহ মজদুৰ সংঘই আহ্বান কৰা চাহ বাগিচা বন্ধৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ চাহ বাগিচাৰ কাম কাজ মঙলবাৰে স্তব্ধ হৈ পৰে। মজুৰি বৃদ্ধি তথা অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ দাবীত ৰাজ্যখনৰ অন্য ঠাইৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিৰ ৯ খন চাহ বাগিচাৰ কাম-কাজ বন্ধ ৰাখি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে।

আমগুৰিৰ এই গোটেই কেইখন বাগিচাৰ শ-শ শ্ৰমিকে আমগুৰি চাহ বাগিচাত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিনে বাগান কৰ্তৃপক্ষ তথা চৰকাৰে শ্ৰমিকসকলক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

দৈনিক মজুৰি বৃদ্ধি, বৰ্তমানে পাই থকা ভ্ৰমণ বানচ ১৫০০ টকাৰ পৰা ৬০০০ টকালৈ বৃদ্ধি কৰা আৰু স্থায়ী শ্ৰমিকসকলৰ ঘৰভাৰা প্ৰতিমাহে ৫০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে কালি আমগুৰি বাগিচাৰ শ্ৰমিকসকলে সাব্যস্ত কৰা প্ৰতিবাদক নেতৃত্ব প্ৰদান কৰিছে অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সাংগঠনিক সম্পাদক বিতোপন কেওটে।

ইয়াৰ উপৰি প্ৰতিবাদৰ সময়ত শ্ৰমিকসকলৰ লগত উপস্থিত থাকে অসম চাহ মজদুৰ সংঘৰে নেতা বিশ্বনাথ প্ৰধান আৰু তৰুণ তাছা।