NORTHEAST NOW (Assamese)

মণিপুৰত আৰক্ষী-আছাম ৰাইফলছৰ অভিযানত উদ্ধাৰ হ’ল বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

January 23, 2018 8:09 pm · সভাপতি চামম
Updated: January 23, 2018 8:12 pm
গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত তালাচী মণিপুৰ আৰক্ষীৰ

মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই আজি ইম্ফল ইষ্ট জিলাৰ চ্চানিংপকপি গাঁৱৰপৰা বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি অভিযানটো আজি পুৱা ৫.৩০ৰপৰা ১০.৩০ বজালৈকে চলোৱা হৈছিল।

ইম্ফল ইষ্ট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (আইন-শৃংখলা) ৱুংপাম কাচাৰে জনোৱা মতে অভিযানটোত জোপোহাৰ মাজত ক’লা পলিথিনেৰে ঢাকি থোৱা অৱস্থাত এটা ৩০৩ এল এম জি আৰু ৪০ ৰাউণ্ড গুলি, ২ জাঁই গুলিৰে সৈতে এটা লেথ’ৰ গান, এটা দেশীয় বন্দুক, ১৮ জাঁই গুলিসহ ৩ টা দেশীয় পিস্তল আৰু এটা দেশীয় ৰিৱ’লৱাৰ উদ্ধাৰ কৰা হয়।

আজিৰ অভিযানটোৰ নেতৃত্ব দিছিল আৰক্ষীৰ ডি এছ পি (কমাণ্ড’) ৰবিনচন খামনম, ডি এছ পি (অভিযান) আৰ কে চাকলেম্বা আৰু ইম্ফল ইষ্ট আৰু জেমান্দাৰ ইবুংপিৰ কমাণ্ড’ গোটৰ পৰিদৰ্শক লুনথাং ৱাইপেইয়ে।

আনহাতে গণৰাজ্য দিৱস উপলক্ষে মণিপুৰ আৰক্ষীয়ে গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে ইম্ফল ইষ্ট জিলাৰ মহাবলীত আজি গধূলি ৫ৰপৰা ৫.৪৫ বজালৈকে এক তালাচী অভিযান চলোৱা হয়।

ইম্ফল ইষ্ট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰ্য্যৱেক্ষণত জিলাখনৰ কমাণ্ড’ৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এই অভিযানকালত ৯০ জন পুৰুষক তালাচী চলোৱা হয়। তালাচী কালত সঠিক পৰিচয়পত্ৰ দেখুৱাব নোৱৰা ৩ জন ব্যক্তিক অধিক তথ্যৰ বাবে পৰম্পাট আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।

Related News