NORTHEAST NOW (Assamese)

মণিপুৰত আৰু আধাৰ পঞ্জীয়ন কেন্দ্ৰ খুলিব ভাৰতীয় তেল নিগমে

March 18, 2018 8:54 pm · এন ই নাও নিউজ

মণিপুৰৰ বিভিন্ন ঠাইত আধাৰ কাৰ্ডৰ কাম-কাজ আগবঢ়োৱাৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে ভাৰতীয় তেল নিগমে (IOCL) চিন্তা-চৰ্চা কৰিছে।

মণিপুৰত কোম্পানিটোৰ এটা গ্ৰাম্য বিপণি কিচান সেৱা কেন্দ্ৰত ই আধাৰ পঞ্জীয়নৰ কাম হাতত লৈছিল। এই প্ৰচেষ্টাত ভাৰতীয় তেল নিগমে ৰাইজৰ ব্যাপক সঁহাৰি পাবলৈ সক্ষম হৈছিল।

লামচাঙৰ গ্ৰাম্য বিপণিত এই বছৰৰ জানুৱাৰি আৰু ফেব্ৰুৱাৰিত ই পতা আধাৰ পঞ্জীয়ন শিবিৰ দুটাই মুঠ ২১১ গৰাকী লোকক উপকৃত কৰিছিল।

ৰাজ্যখনৰ আন বিপণিসমূহকো এনে শিবিৰ আয়োজনৰ বাবে উৎসাহিত কৰিবলৈ নিগমক মণিপুৰ চৰকাৰেও আহ্বান জনাইছিল। ৰাজ্যখনত থকা ৮৯ টা তেল বিপণিৰ ৭১ টা ভাৰতীয় তেল নিগম (IOCL)ৰ, ১৪ টা ভাৰত পে’ট্ৰলিয়াম (BCPL)ৰ আৰু ৪ টা এছাৰ অইল (ESSAR OIL)ৰ।

নিগমৰ প্ৰথম দুটা শিবিৰত ৰাইজলৈ আধাৰ কাৰ্ডৰ বাবে আবেদনৰ ক্ষেত্ৰত হোৱা ভুল শুধৰোৱাৰো সুবিধা আগবঢ়োৱা হৈছিল।

Related News