NORTHEAST NOW (Assamese)
ক্ৰীড়া

মণিপুৰত দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ অধ্যাদেশ মঞ্জুৰ

Posted by: এন ই নাও নিউজ May 24, 2018 3:42 pm
Manipur sports university

মণিপুৰ তথা সমগ্ৰ উত্তৰ-পূবতে ক্ৰীড়াৰ প্ৰসাৰৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাপতিত্ব কৰা কেন্দ্ৰীয় কেবিনেটে বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে পৰিকল্পনা যুগুত কৰি এখন অধ্যাদেশ মঞ্জুৰ কৰিছে।

জানিব পৰা মতে পশ্চিম ইম্ফল জিলাত ৩২৫ একৰ ভূমিত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খন ৫২৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সংবাদ মাধ্যমক কয় যে ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বাবে আধ্যাদেশ মঞ্জুৰ কৰি ইতিমধ্যে এখন বিধেয়ক অনা হৈছে, এতিয়া কেৱল সংসদৰ অনুমোদন পাবলৈ বাকী আছে।

মণিপুৰৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনত ক্ৰীড়াক্ষেত্ৰত থকা সম্ভাবনিয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী মোদীয়ে মণিপুৰত ক্ৰীড়াক আৰু অধিক প্ৰসাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।